“নেতাজী সুভাষ চন্দ্ৰ বসু “- হিমাদ্ৰী বৰকটকী

p.c. CareerIndia

“নেতাজী সুভাষ চন্দ্ৰ বসু “

নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ এগৰাকী মহান ব্যক্তি আছিল । তেওঁৰ জন্ম হৈছিল ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যা ৰ কটকত । নেতাজী সুভাষচন্দ্ৰ বসুৰ দেউতাকৰ নাম আছিল জানকীনাথ বসু আৰু মাকৰ নাম আছিল প্ৰভাৱতী দেৱী । তেওঁৰ দেউতাকএজন বিখ্যাত উকীল আছিল । সুভাষ চন্দ্ৰ বসু স্কুল আৰু কলেজত তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল । তেওঁ প্ৰাথমিক শিক্ষা Anglo Indian School অত কৰিছিল আৰু কলিকতাৰ Scottish Church College অৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ভাৰতৰ জাতীয় কংগ্ৰছৰ সভাপতি আছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা আছিল। তেওঁ দ্বিতীয় বিস্বযুদ্ধৰ সময়ত নাৰ্জী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক বৃটিছ শাসনৰপৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ১৯৪২ চনত জাৰ্মানীত Indische Legion ৰ ভাৰতীয় সৈন্য সকল আৰু বাৰ্লিন স্থিত Special Bureau for India ৰ জাৰ্মান আৰু ভাৰতীয় বিষয়াসকলে তেওঁক প্ৰথমে “নেতাজী” সম্বোধনেৰে মাতিছিল আৰু তেতিয়াৰ পৰাই সমগ্ৰ ভাৰতে তেওঁক এই সন্মানেৰে জানে । নেতাজী সুভাষচন্দ্ৰ বসুয়ে “আজাদ হিন্দ ফৌজ”(INA) নামেৰে এটা সংগঠন খুলি ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল । তেওঁ ব্ৰিটিছৰ হাতৰ পৰা ভাৰতক মুক্ত কৰিবলৈ বহুত কষ্ট কৰিছিল । নেতাজী সুভাষচন্দ্ৰ বসুৰ মৃত্যু 1945 চনত উৰাজাহাজ দূৰ্ঘটনাত টাইৱানত হৈছিল । কিন্তু বহু ভাৰতীয় লোকে তেওঁৰ মৃত্যু হোৱা বুলি মানি লোৱা নাছিল। নেতাজী সুভাষচন্দ্ৰ বসুৰ অৱদান ভাৰতীয় জনগণই কেতিয়াও পাহৰিব নোৱাৰে। গতিকে আমি ২৩ জানুৱাৰী দিনটো “নেতাজী দিৱস ” হিচাপে পালন কৰি আহিছোঁ ।

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , নগাঁও