নেটৱাৰ্ক বিহীন অৱস্থান-এছ ইছলাম

Pc Peakpx
নেটৱাৰ্ক বিহীন অৱস্থান
                   এছ ইছলাম, শিক্ষক     
                   পঃ মইনবৰী,বৰপেটা
নেটৱৰ্ক বিহীন অৱস্থান
কি বিচিত্র জগত
চিৰ সেউজীয়া গছ-গছনি
চৰাই-চিৰিকটিয়ে
সুললিত কণ্ঠত গায়
জীৱন সংগীত।
ৰিব্ ৰিব্ মৃদু সমীৰণ
গাত জাগে শিহঁৰণ
চিৰ যৌৱনা অপেস্বৰীৰ
চিৰ সহাৱস্থান
নাই দুখ-কষ্ট আছে অনন্ত সুখ
যি পোৱাৰ বাসনা
পোৱা যায় তাকেই।
চিৰ বসন্ত যেন বিৰিন্দাবন
কৃষ্ণৰ মুৰুলী তান
গোপীবৃন্দৰ সংগীতানুষ্ঠান
সৱে আনন্দত বিভোৰ
চলি যায় যুগ যুগান্তৰ
চিৰ শ্বাশত ই অবিনশ্বৰ।