নেচাৰ্ছ অৱজাৰ্ভাৰৰ বিশ্ব পৰিৱেশ দিবস উদযাপন

নেচাৰ্ছ অৱজাৰ্ভাৰৰ বিশ্ব পৰিৱেশ দিবস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আগশাৰীৰ প্ৰকৃতি সেৱী অনুষ্ঠান নেচাৰ্ছ অৱজাৰ্ভাৰ চিবিয়ে বিগত ২৯ বছৰে সমগ্ৰ অসমতে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে। এই অনুষ্ঠানটোৱে ৫ জুন, বিশ্ব পৰিৱেশ দিবসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ অন্তৰ্গত লোকপ্ৰিয় জি এন বি হাইস্কুল আৰু মিনাৰ্ভা একাডেমীত প্ৰায় এক শতাধিক গছপুলি ৰোপন কৰে। দুয়োখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বৃক্ষ ৰোপন কাৰ্যসূচীত ভাগ লয় আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সংকল্প গ্ৰহণ কৰে। নেচাৰ্ছ অৱজাৰ্ভাৰৰ তৰফৰ পৰা প্ৰকৃতিবিদ ৰঞ্জন কুমাৰ মেধি, পৰিৱেশ কৰ্মী বিমল জৌতি গোস্বামী আৰু হেৰাম্ব শৰ্মাই বৃক্ষ ৰোপন কাৰ্যসূচীত ভাগ লয়। লোকপ্ৰিয় জি এন বি হাইস্কুলৰ অধ্যক্ষা শ্ৰীমতী ৰেনুপ্ৰভা লহকৰ মেধি আৰু মিনাৰ্ভা একাডেমীৰ অধ্যক্ষ শ্ৰীযুত পুলেন ৰাহাং তথা মায়ং আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰীমতী কবিতা ডেকাৰ উদ্যোগত এই বৃক্ষ ৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ মাজতে বিশিষ্ট প্ৰকৃতিবিদ ৰঞ্জন কুমাৰ মেধিয়ে ছাত্ৰ ছাত্ৰী সকলক প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা দায়বদ্ধতাৰ বিষয়ে পৰামৰ্শ আগবঢ়াই। উল্লেখযোগ্য যে আগন্তুক দিনত মায়ং অঞ্চলৰ তিনিখন গাওক “প্ৰকৃতিৰ গাঁও” হিচাবে প্ৰতিষ্ঠিত কৰিবলৈ নেচাৰ্ছ অৱজাৰ্ভাৰ নামৰ সংস্থাটোৱে প্ৰচেষ্টা চলাই আছে বুলি অবগত কৰে।