নেচনেল হেৰল্ড গোচৰত ছোনিয়া-ৰাহুলৰ সম্পত্তি জব্দৰ জাননী ইডিৰ

নেচনেল হেৰল্ড গোচৰত ছোনিয়া-ৰাহুলৰ সম্পত্তি জব্দৰ জাননী ইডিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বহুচর্চিত নেচনেল হেৰল্ড গোচৰত এনফ’ৰ্টমেন্ট ডাইৰেক্টৰেট(ইডি)য়ে কংগ্ৰেছৰ শীর্ষ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে সম্পর্কিত সম্পত্তি জব্দৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে মালিকীস্বত্বৰ কোম্পানী ইয়ং ইণ্ডিয়া লিমিটেড চমুকৈ বাইআইএলে হস্তগত কৰা এছ’চিয়েট জার্নেলছ লিমিটেড(এজেল)ৰ সম্পত্তিসমূহ জব্দ কৰাৰ বাবে ইডিয়ে জাননী জাৰি কৰিছে। ইডিয়ে যোৱা ১১ এপ্রিলত এজেএলৰ দিল্লী, মুম্বাই আৰু লক্ষ্ণৌত থকা কাৰ্যালয়ৰ সম্পত্তি জব্দ কৰিবলৈ জাননী জাৰি কৰিছে।উল্লেখ্য যে ২০১৪ চনত বিজেপি নেতা সুব্রমণিয়ন স্বামীয়ে ইয়ং ইণ্ডিয়ান লিমিটেডে এছ’চিয়েট জার্নেলছ লিমিটেডৰ দুই হাজাৰ কোটি টকাৰ সম্পত্তি প্ৰৱঞ্চনাৰে ৫০ লাখতে হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই অভিযোগৰ ভিত্তিতেই ৰুজু কৰা গোচৰৰ তদন্ত চলাই থকা ইডিয়ে নেচনেল হেৰল্ড অবৈধ ধনৰ লেনদেন গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সম্পর্কিত সম্পত্তি জব্দ কৰাৰ জাননী জাৰি কৰিছে। ইডিয়ে প্রকাশ কৰা মতে কংগ্ৰেছ নেতাৰ সৈতে ৯৮৮ কোটি টকাৰ অবৈধ লেনদেন জড়িত হৈ আছে। নেচনেল হেৰল্ড নিউজ পেপাৰ এজেএলৰ দ্বাৰা প্ৰকাশিত হৈছিল। ইডিয়ে চলোৱা তদন্তত এজেএলৰ এই সম্পত্তিৰ সৈতে ১৮৮ কোটি টকাৰ অবৈধ লেনদেনৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰত ইডিয়ে দিল্লী, মুম্বাই আৰু লক্ষ্ণৌস্থিত এজেএলৰ ৬৬১ কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছিল। ২০২১ চনত ইডিয়ে নেচনেল হেৰল্ড অবৈধ ধনৰ লেনদেন গোচৰৰ তদন্ত আৰম্ভ কৰে। ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আন জ্যেষ্ঠ কংগ্রেছী নেতাই এই গোচৰত জড়িত থকাৰ অভিযোগ তুলি ইডিয়ে তদন্ত আগবঢ়ায়। দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বিভিন্ন আইনী প্ৰত্যাহ্বানৰ মাজতো এই গোচৰৰ অনুসন্ধানৰ নিৰ্দেশ দিয়ে। তদন্তৰ সময়ত ইডিয়ে উল্লিখিত গোচৰৰ সৈতে জড়িত বিভিন্ন স্থানত অভিযান চলাই বিত্তীয় অনিয়মৰ তথ্য লাভ কৰে।