নেকেড পৃথিৱী
শতাব্দী শৰ্মা, আমোলাপট্ৰী, নগাঁও
চচিয়েল মিডিয়াৰ আগ্ৰাসনে পৃথিৱী ছানি ধৰিছে। ফেচবুক, হোৱাটছএপ, এক্স হেণ্ডেলত নিতৌ নতুন নতুন চমক লগোৱা ভিডিঅ’ৰ পয়োভৰ। যুৱক – যুৱতী, সৰু ল’ৰা – ছোৱালী, বৃদ্ধ, মুনিহ – তিৰোতা সকলোৰে প্ৰতিভাৰ স্বাক্ষৰ পোৱা যায় এই ভিডিঅ’বোৰত। সকলোৰে দৃষ্টি নিবদ্ধ কৰিব পৰাকৈ এই ভিডিঅ’বোৰ প্ৰতি মূহুৰ্তত মোবাইলৰ স্ক্ৰীণত দৃশ্যমান। কিন্তু এইবোৰৰ মাজতে কিছুমান ভিডিঅ’ দেখিলে মনত প্ৰশ্ন এটা উদয় হয় যে পৃথিৱীখন ইমান নেকেড হৈ পৰিছে কিয় ? যিকোনো মূহুৰ্তত হঠাৎ উদ্ভৱ হয় কিছুমান অশ্লীল দৃশ্য। অৰ্ধনগ্ন অৱস্থাত যুৱতী ,মহিলাৰ নৃত্য নতুবা ব্যক্তিগত দৃশ্য। মোবাইল ব্যৱহাৰ কৰা মানুহৰ পৃথিৱীত অভাৱ নাই। সৰু ল’ৰা – ছোৱালী বেছিকৈ মোবাইলত ব্যস্ত হৈ থাকে। তেনেস্থলত শিশুসকলৰ মনত এইবোৰে বিৰূপ প্ৰভাৱ পেলাব পাৰে। বেয়া কথাবোৰ , বেয়া দৃশ্যবোৰ সিহঁতৰ সহজে চকুত পৰে , এইটো আটাইতকৈ বিপদজনক। এজন শিশুৰ চৰিত্ৰ গঠনত ই নেতিবাচক প্ৰভাৱ পেলায়। আজিকালি দুটামান লাইক, কমেণ্টৰ বাবে নাৰীসকলে ইমান তললৈ নামিব পৰা হৈছে যে ভাবিলেই আচৰিত লাগে। সংযম, লাজ , আত্মসন্মানৰ ইমানেই অভাৱ যে , তেওঁলোকে সকলো আওকাণ কৰি এনেকৈয়ে অসংযতভাৱে ভিডিঅ’ বনাই নিজকে সমাজৰ আগত উদঙাই দিছে। মহিলা – যুৱতীৰ শৰীৰবোৰ পুৰুষৰ লোভনীয় কামাতুৰ অভিস্পাৰ পৰা বচোৱাৰ বাৰুকৈয়ে প্ৰয়োজন। আজিকালি হঠাৎ বলাৎকাৰ, যৌন উৎপীড়ন হয় , কিয় জানেনে ? এই ভিডিঅ’বোৰৰ কাৰণে । পৃথিৱীৰ প্ৰত্যেকজন পুৰুষ বেয়া নহয় , কিন্তু এই ভিডিঅ’বোৰে তেওঁলোকৰ মাজৰ বহুতৰে বিবেক – বুদ্ধি ভ্ৰষ্ট কৰি তেওঁলোকৰ পৰা মানুহ নামৰ সত্বাটো উলিয়াই আনি কামাতুৰ পশুলৈ পৰিৱৰ্তন কৰে। একেবোৰ ভিডিঅ’ প্ৰায়ে দেখি দেখি তেওঁলোকে সু – শৃংখলিত পোছাক পৰিধান কৰিলেও এগৰাকী যুৱতী বা মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰে। ধৰ্ষণৰ দৰে কাণ্ড সংঘটিত হোৱাৰ নজিৰ পোৱা যায়। কণমানি ছোৱালী এজনীৰ পৰা আশী বছৰীয়া বৃদ্ধালৈকে এইবোৰৰ চিকাৰ হয়। নেকেড পৃথিৱীত ভিন্ন ভাৱমূৰ্তিৰ কি অবৰ্ণনীয় নিদৰ্শন ! এই ভিডিঅ’বোৰ সৃষ্টিশীল হোৱাটো অতি প্ৰয়োজনীয়। নেতিবাচক দিশবোৰে সমাজখন ধ্বংস কৰে। ভিডিঅ’ বনাবলৈ বিষয়বস্তুৰ ইমানেই অভাৱ যে , নিজৰ শৰীৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতা পাতে। ইউটিউব আৰু এক্স হেণ্ডেলত এনে নিষিদ্ধ ভিডিঅ’ চকুত পৰে। নগ্ন মানৱতাবাদৰ এক ঘৃণনীয় চিত্ৰপট ! সমাজখন গ্ৰাস কৰি এইবোৰে মানুহৰ মানসিকতাক ঘোলা কণীৰ দৰে কৰি পেলাইছে। ঠিক এটা ঘোলা কণীয়ে হাজাৰ ভাল কণী বেয়া কৰি পেলোৱাৰ দৰে! আধুনিক যুগত এনেকৈ অৰ্ধ নগ্ন হৈ ভিডিঅ’ বনোৱাতকৈ আদিম যুগেই ভাল আছিল। সেই সময়ত গছৰ বাকলি পিন্ধি মানুহে লজ্জা নিবাৰণ কৰিছিল। লাহে লাহে মানুহবোৰে সভ্য সমাজত থাকিও নিজকে চৰম পৰ্যায়লৈ লৈ গৈছে ! যি সঁচাই অনৰ্থক সস্তীয়া জনপ্ৰিয়তা লাভৰ এক বিভ্ৰান্ত প্ৰতিযোগিতা তথা বিসংগতিপূৰ্ণ মস্তিষ্কৰ ব্যৰ্থতা!