নেওতা পাঠৰ সাংগীতিক লয়ে গণিতৰ প্ৰতি আকৃষ্ট কৰা গণিতজ্ঞজন
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
মৰমৰ মইনাহঁত, তোমালোকে সুৰ লগাই নেওতা গাই পাইছানে? সুৰ লগাই পদ্য মতিলে বা সুৰ লগাই নেওতা গালে মনত বৰ আনন্দ লাগে আৰু সহজে মনত ৰয়।আজি তোমালোকক এনে এজন গৰু ৰখীয়া ল’ৰাৰ কথা কম যিজনে পথাৰত গৰু চৰাই থাকোঁতে কাষৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকে পাঠদান কৰা সকলোখিনি মনোযোগেৰে শুনি থাকিছিল। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সুৰ দি নেওতা পঢ়ি থকা শুনি তেওঁ গৰু এৰি বিদ্যালয়ৰ খিৰিকীৰ কাষত ৰৈ একান্ত মনেৰে শুনি থাকিছিল।
এদিন এটা ঘটনাই ল’ৰা জনৰ ভাগ্য মুকলি কৰিলে। ঘটনাটো হ’ল শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলক গণিত বিষয়ৰ এটা প্ৰশ্ন সুধিলে, কোনো এজনেও প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে।শিক্ষক জনে সেই সময়ত খিৰিকীৰ বাহিৰত ৰৈ শুনি থকা ল’ৰা জনক প্ৰশ্নটো সুধিলে । ল’ৰাজনে ততালিকে শুদ্ধ উত্তৰ দিলে। শিক্ষকজনে ল’ৰাজনৰ প্ৰতিভাৰ কথা বুজিব পাৰি সেই বিদ্যালয়ত নাম লিখাবলৈ কয়। পিতৃহাৰা ল’ৰা জনৰ মাকে আৰ্থিক উপাৰ্জনৰ বাট বন্ধ হোৱাৰ ভয়ত প্ৰথমে শিক্ষক জনৰ কথা মানি লোৱা নাছিল যদিও পিছত শিক্ষকজনৰ তত্বাৱধানতে ১৯০১ চনত বৰপেটাৰ বামাখাটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হয়। তেতিয়াৰ পৰাই কামো নামৰ গৰুৰখীয়া ল’ৰা জন হৈ পৰে কামেশ্বৰ দাস। শিক্ষকজনেই অনুমান কৰি তেওঁৰ জন্ম তাৰিখ ১৮৯৩ চনৰ ১ মাৰ্চ দিয়ে। ১৯০৪ চনত তেওঁ বৃত্তি সহ প্ৰাথমিক বিদ্যালয়ৰ পৰা উৰ্ত্তীণ হৈ চৌখুটি এম ভি স্কুলত নামভৰ্তি কৰে। এম ভিৰ শিক্ষান্ত পৰীক্ষাত বৰপেটা মহকুমাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে আৰু ১৯১১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সদৌ অসম উপত্যকাৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি উৰ্ত্তীণ হয়।১৯১৩ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিত বিষয়ত অনাৰ্চ সহ কলিকতাৰ ঢাকাত বি এছ চি পঢ়ে।১৯১৫ চনত গণিত বিষয়ত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা স্নাতক মহলাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে ।১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত সোণৰ পদক সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ আৰু বি এল ডিগ্ৰী লাভ কৰে। তেওঁৱেই হৈছে গণিতশাস্ত্ৰত সোণৰ পদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত প্ৰথম অসমীয়া স্নাতকোত্তৰ (বিজ্ঞান শাখা)।
গণিত শাস্ত্ৰৰ পণ্ডিত ছাৰ আশুতোষ মুখোপাধ্যায়ৰ অনুমোদন ক্ৰমে অসম চৰকাৰৰ পৰা এবছৰীয়া জলপানি লৈ তেওঁ চি ই কুলিছ ( C E Cullis)নামৰ গণিতৰ অধ্যাপক এজনৰ অধীনত গৱেষণা কৰিছিল। সেই সময়ৰ আলোচনীত তেওঁৰ গৱেষণাপত্ৰ প্ৰকাশ পাইছিল।
অসাধাৰণ প্ৰতিভাসম্পন্ন দাসে আৰ্থিক অনাটনক নেওচি সফলতা লাভ কৰিব পাৰিছিল। তেওঁ আইনৰ ডিগ্ৰী লৈ বৰপেটাত অধিবক্তা হিচাপে কাম কৰিছিল। কিছুদিন ব্যৱসায় কৰিছিল।অসম বিধানসভাৰ সদস্য, বৰপেটাৰ এম ছি মহাবিদ্যালয় আৰু পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ অধ্যক্ষপদ আৰু অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ দৰে দায়িত্বপূৰ্ণ পদবীত আছিল। তেওঁ ঘোঁৰাৰ ৰং, গঠন আৰু ওজনৰ ওপৰত ভিত্তি কৰি ‘সম্ভাৱিতা সূত্ৰ’ ৰ সহায়ত কোনটো ঘোঁৰা জয়ী হ’ব,তাৰ সম্ভাৱিতা উলিয়াব পাৰিছিল। এই গৰাকী মেধা ব্যক্তিয়ে ১৯৬৬ চনৰ ১ ছেপ্টেম্বৰত গুৱাহাটীত ইহলীলা সম্বৰণ কৰে। তেওঁৰ কৰ্ম সাধনা,মনোবল সকলোৰে বাবে আদৰ্শস্বৰূপ।
