নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য লৈ “গুৰুশ্ৰী” সন্মান

নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য লৈ “গুৰুশ্ৰী” সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ শুৱালকুছিৰ অন্তৰ্গত বংশৰৰ উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যক “মায়াবিনী ইভেন এণ্ড এন্টাৰটেইনমেন্টে” য়ে যোৱা ১ নৱেম্বৰত দিশপুৰস্থিত PWD কনভেনশন চেন্টাৰত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত “গুৰুশ্ৰী” সন্মান প্ৰদান কৰে লগতে এটি নাহৰ গছৰ পুলি । প্ৰদান কৰে মায়াবিনী ইভেনৰ পৰিচালিকা হিমাশ্ৰী কলিতাই। বিশ্বজিৎ ৰ এই যাত্ৰা আগন্তুক দিনত অব্যাহত থাকি আৰু অধিক সুনাম কঢ়িয়াই আনি এই অঞ্চলৰ নাম উজ্বলাই তুলিব বুলি মৰম আৰু আশীৰ্ব্বাদ দিয়ে বিভিন্ন জনে। উক্ত অনুষ্ঠানটোৰ আৰম্ভণিতেই আমাৰ সকলোৰে আপোন, হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।আনহাতে,বৈশ্যৰ তত্বাবধানত নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্র-ছাত্ৰী বিভিন্ন প্ৰান্তত গৈ নৃত্যৰ জৰিয়তে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। লগতে অঞ্চলটোৰ নাম উজ্বলাই তুলি এক বৃহত সাফল্য অৰ্জন কৰা পৰিলক্ষিত হৈছে। বৈশ্যৰ এই কৃতিত্বক গুণী-জ্ঞানী ব্যক্তি সকলেও শুভেচ্ছাবার্তা পঠিয়াইছে আৰু শলাগিছে।