“নৃত্য-নাট্যম”ৰ উদ্যোগত“গৰু বিহুৰ গধূলি”

“নৃত্য-নাট্যম”ৰ উদ্যোগত“গৰু বিহুৰ গধূলি”

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এটা অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নৃত্য-নাট্যমৰ উদ্যোগত আৰু ৪০তম বৃহত্তৰ মঠঘৰীয়া ৰঙালী বিহুৰ সন্মিলনৰ সহযোগত গৰু বিহু পালন কৰা হয় ৷ মহানগৰী নুনমাটিৰ ২ নং মঠঘৰীয়াৰ মূলাগাভৰু ক্ষেত্ৰত ১৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠানৰ আৰম্ভণি কৰা হয় ৷ বন্তি প্ৰজ্জ্বলন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া, অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত স্বপ্ননীল বৰুৱাই ৷ বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া, নুনমাটি তেল শোধনাগাৰৰ প্ৰাক্তন উৎপাদন অভিযন্তা তথা বিশিষ্ট সমাজ সেৱক নৰেন হাজৰিকা, কুমাৰপাৰ ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস, প্ৰাক্তন পাৰিষদ তথা ৪০তম মঠঘৰীয়া ৰঙালী বিহু সন্মিলনৰ সভাপতি পৰেশ কলিতা আৰু মূলাগাভৰু সন্থাৰ আই মাতৃসকল ৷ অনুষ্ঠানৰ আৰম্ভণিতে মূলাগাভৰু সন্থাৰ আই মাতৃসকলে দিহানাম পৰিবেশন কৰে ৷ তাৰ পিছতেই কাজলি চকী বৰলুইত হুঁচৰি দল, চিনেহী হুঁচৰি দল, ব’হাগী বাৰেৰহণীয়া অনুষ্ঠান, সৃষ্টিৰূপা জেং বিহু দল আদি কেইবাটাও দলে অনুষ্ঠান পৰিবেশন কৰে ৷ অনুষ্ঠানৰ ভাষণ প্ৰসংগত বন্তি প্ৰজ্বলক স্বপ্ননীল বৰুৱাই কয় যে- এনে মুকলি বিহু অনুষ্ঠানৰ পদক্ষেপক আদৰণি জনায় আৰু এনে অনুষ্ঠানে বিহুৰ প্ৰতি আদৰটো অধিক গাঢ় কৰি তোলে ৷ উল্লেখযোগ্য যে প্ৰাক্তন পাৰিষদ তথা বৃহত্তৰ মঠঘৰীয়া ৰঙালী বিহু সন্মিলনৰ সভাপতি পৰেশ কলিতাই এনে মুকলি বিহুৰ অনুষ্ঠানৰ উদ্যোগতাৰ প্ৰতি শলাগ লয় আৰু মহানগৰীত এনে অনুষ্ঠানৰ অতি প্ৰয়োজন বুলি কয় আৰু লগতে “নৃত্য-নাট্যম”ৰ প্ৰতিষ্ঠাপক কন্যাকুমাৰী শইকীয়া আৰু সচিব প্ৰকাশ ভাইমণিক আহ্বান জনায় যে “গৰু বিহুৰ গধূলি” শীৰ্ষক এই মুকলি বিহু অনুষ্ঠানটো প্ৰতি বছৰে অনুষ্ঠিত কৰিবলৈ ৷ অনুষ্ঠানত বিশেষভাৱে সৰ্ম্বধনা জনোৱা হয় বিশিষ্ট সংগীত পৰিচালক, বহুতো জনপ্ৰিয় বিহুগীতৰ স্ৰষ্টা “জানমণি” বিহুগীত চিৰিজৰ সংগীত পৰিচালক বিমান বৰুৱাক ৷ বিমান বৰুৱাই নবৈ দশকৰ পৰা এতিয়ালৈকে ৰচনা কৰা জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা কেইবাটাও জনপ্ৰিয় গীত পৰিবেশন কৰে ৷ ইয়াৰ উপৰিও অনুষ্ঠানত গীত পৰিবেশন কৰে ফুট গধূলি, মুগ্ধ প্ৰিয়া, বেহাৰবাৰী আউটপুষ্ট ধাৰাবাহিকৰ অভিনেতা তথা কণ্ঠশিল্পী স্বপ্নীল ভৰদ্বাজ, শ্যামল আৰু তৃষ্ণাই ৷ নৱ দাস আৰু ডিম্পী ভঁৰালীয়ে আঁতধৰা অনুষ্ঠানটিত বিশেষ অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী লোকনাথ শৰ্মা, সদৌ অসম মহিলা সাংবাদিক সন্থাৰ সভাপতি, গুৱাহাটী প্ৰেছ ক্লাৱৰ উপ সভাপতি তথা প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক অলকা বৰুৱা, অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অজিত তামুলী, অসম সত্ৰ মহাসভাৰ মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ, মূলাগাভৰু সন্থাৰ সভানেত্ৰী কনকলতা হাজৰিকা আৰু উপ সভানেত্ৰী পদুমী দাস ৷ অনুষ্ঠানত উপস্থিত সকলো সন্মানীয় অতিথিকে একোখনিকৈ চেলেং চাদৰ, সৰ্ম্বধনা পত্ৰ, স্মাৰক আৰু “কপৌ চাহৰ টোপোলাই সৰ্ম্বধনা জনোৱা হয় ৷ গৰু বিহুৰ গধূলি অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কন্যা কুমাৰী শইকীয়াৰ পৰিচালনাৰে “সাজোনে-কাচোনে অসমীয়া মহিলা” শীৰ্ষক এক জাতি-জনগোষ্ঠীৰ সাজ-পাৰৰ প্ৰদৰ্শনী অনুষ্ঠানৰ ৷ অনুষ্ঠানটিত প্ৰতিদিন টাইমৰ এংকৰ ৰিতুমণি চেতিয়া আৰু বৰবিহুৱতী জুতিকা বৰ্মন, চিনুমণি বৈশ্য, বিদিশা শইকীয়া, তানিশা বৰা আদি কৰি কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে ৪০তম বৃহত্তৰ মঠঘৰীয়া ৰঙালী বিহু সন্মিলনৰ অহা ২০ এপ্ৰিলত দিনৰ দুই বজাৰ পৰা সদৌ গুৱাহাটী ভিত্তিত অসমীয়া আধুনিক নৃত্যৰ প্ৰতিযোগিতা আৰু ২১ এপ্ৰিলত পুৱা দহ বজাৰ পৰা সদৌ গুৱাহাটী ভিত্তিত জেং বিহু প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ ইচ্ছুক প্ৰতিযোগীসকলে ৭০০২৩৭৬৪৩০/৮৮৭৬৪৮৬৯৩৩ অথবা ৯৮৬৪১১১৬৪৭ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰথম নিশা জনপ্ৰিয় কণ্ঠশিল্পী ময়ুৰী শইকীয়াৰ গীতৰ শৰাই আৰু দ্বিতীয় নিশাৰ জনপ্ৰিয় কণ্ঠশিল্পী বাস্তৱ নাথৰ গীতৰ শৰাই ৷ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোগতাই কামনা কৰিছে ৷