নূপুৰ বৰাৰ বৰপেটাৰোডৰ এছবিআইৰ লকাৰত ২৩.৭৫ লাখ টকা জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্নীতিৰ সম্ৰাজ্ঞী এ চি এছ নূপুৰ বৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । ফ্লেট আৰু ভাৰাঘৰৰ পিছত এইবাৰ বেংকত থকা লকাৰ বিচাৰি চলিল আৰক্ষীৰ অভিযান । বিতর্কিত এচিএছ বিষয়া নূপুৰ বৰাৰ জিম্মাৰ পৰা এতিয়ালৈকে চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছে ১ কোটি ১৬ লাখ টকা। এগৰাকী চৰকাৰী বিষয়াৰ বাবে সপোনৰ দৰেই এই বৃহৎ ধনৰাশি ছবছৰীয়া চাকৰিৰ জীৱনত দুর্নীতিৰে সংগ্ৰহ কৰিছিল নূপুৰ বৰাই। আয়-বহির্ভূত সম্পত্তিক লৈ চিএম ভিজিলেঞ্চে তদন্ত অব্যাহত ৰখাৰ সময়তে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে বৰপেটা আৰু গুৱাহাটীৰ নূপুৰ বৰাৰ চাৰি স্থানৰ পৰা যোৱা ১৬ ছেপ্টেম্বৰত চিএম ভিজিলেঞ্চৰ দলে জব্দ কৰিছিল প্রায় ৯২ লাখ টকাৰো অধিক নগদ ধন। তাৰ পিছতে বৰপেটাৰোডৰ ভাৰতীয় ষ্টেট বেংকত থকা লকাৰ দুটাতো তদন্তকাৰী দলে অভিযান চলায়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োটা লকাৰৰ ভিতৰত এটা বিষয়াগৰাকীৰ নিজৰ নামত থকাৰ লগতে আনটো লকাৰ পিতৃৰ সৈতে যুটীয়াভাবে আছিল। ইয়াৰে এটা লকাৰত ২৩ লাখ ৭৫ হাজাৰ টকা জব্দ কৰা হৈছে যদিও আনটো লকাৰৰ পৰা একো উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে। সত্ৰৰ মাটিত জালিয়াতিৰে মিঞাক বিক্ৰী কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা বিষয়াগৰাকীয়ে এই সমস্ত ধন নিজৰ দৰমহাৰ পইচা নহয় কেৱল দুর্নীতিৰ পৰা সংগ্রহ কৰাহে। আনহাতে গোলাঘাটৰ এটা বেচৰকাৰী বেংকতো নূপুৰ বৰাৰ লকাৰ এটাৰ সম্ভেদ তদন্তকাৰী দলে লাভ কৰিছে। সূত্ৰটোৱে সদৰী কৰা মতে, দলটোৱে বেংকটোৰ লকাৰৰ লগতে নূপুৰ বৰাৰ গোলাঘাটৰ প্ৰকৃত ঘৰতো অভিযান চলাব। বৰপেটাৰোডৰ এছবিআইৰ লকাৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাৰ পাছত গোলাঘাটৰ বেচৰকাৰী বেংকৰ লকাৰত বহু টকা মূল্যৰ সোণৰ অলংকাৰ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। কিয়নো ইতিমধ্যে চিএম ভিজিলেঞ্চে নূপুৰ বৰাৰ বাসভৱনৰ পৰা প্ৰায় ২ কোটি টকাৰ হীৰা তথা সোণৰ আ-অলংকাৰ জব্দ কৰিছে। জব্দকৃত একোডাল অলংকাৰৰ মূল্য ১-২ লাখ টকা হ’ব বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে। ইপিনে ঘোচঘোৰ বিষয়াজনৰ আন কেইবাটাও বেংকত গোপন লকাৰ আছে বুলি সন্দেহ প্রকাশ কৰিছে তদন্তকাৰী দলে। দুর্নীতিগ্রস্ত নূপুৰ বৰা জালত পৰাৰ পাছতে পোহৰলৈ আহিছে কেইবাজনো লাট মণ্ডলৰ নাম। সূত্ৰটোৱে জনোৱা মতে, দিনে-নিশাই কেৱল টকাৰ সপোন দেখা নূপুৰ বৰাই চাকৰি জীৱনত সৰ্বাধিক দুর্নীতি কৰিছিল বৰপেটা ৰাজহ চক্ৰৰ চক্র বিষয়া হৈ থকা সময়ত। জিলাখনৰ কেইবাজনো লাট মণ্ডলক একপ্ৰকাৰ কালেকচন এজেন্ট ৰূপে নিয়োগ কৰি প্ৰতিটো লেনদেনৰ বাবদ বৃহৎ পৰিমাণৰ কমিছন আদায় দি আহিছিল নূপুৰ বৰাই। উক্ত এজেণ্টৰূপী লাট মণ্ডলসকলে বিভিন্ন চৰকাৰী মাটি, সত্ৰ তথা ৰাইজৰ ছন পৰি ৰোৱা মাটিৰ তথ্য নূপুৰ বৰাক যোগান ধৰিছিল। তাৰ পিছতে বিষয়াজনে এজেণ্টৰূপী লাট মণ্ডলকেইজনৰ সহযোগত মাটিসমূহ জালিয়াতিৰে মিঞাক বিক্ৰী কৰি লাখ লাখ টকা কমিছন হিচাপে আদায় কৰিছিল। সম্প্রতি চিএম ভিজিলেঞ্চৰ জিম্মাত থকা নূপুৰ বৰাই এনে কেইবাজনো এজেণ্টৰূপী মণ্ডলৰ নাম জেৰাত স্বীকাৰ কৰিছে। ইয়াৰ ভিতৰত তিনিজন লাট মণ্ডলক অতি শীঘ্ৰে জেৰা চলোৱাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে চিএম ভিজিলেঞ্চে। অৱশ্যে লাট মণ্ডলকেইজন কোনখন জিলাৰ সেয়া এতিয়ালৈকে সদৰী কৰা নাই সূত্ৰটোৱে। ইয়াৰ বাহিৰেও আন কোনো শীর্ষ বিষয়াৰ আশীর্বাদো নূপুৰ বৰাই লাভ কৰিছিল নেকি সেই সন্দর্ভতো তদন্ত চিএম ভিজিলেঞ্চে অব্যাহত ৰাখিছে।