নূপুৰ বৰাৰ বিৰুদ্ধে ১২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল

নূপুৰ বৰাৰ বিৰুদ্ধে ১২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নূপুৰ বৰাৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত ১২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে।  ৫৬ দিন ন্যায়িক জিম্মাত থকা নূপুৰ বৰাক মঙলবাৰে কঠোৰ চৰ্তত জামিন প্রদান কৰা হৈছিল যদিও তদন্তকাৰী সংস্থাটোৱে এই জামিনৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। উল্লেখ্য যে দুদিন পূর্বে বিশেষ ন্যায়াধীশৰ আদালতে নূপুৰ বৰাক চৰ্ত সাপেক্ষে জামিন প্রদান কৰিছিল। তদন্তত সম্পূর্ণ সহযোগিতা কৰা, সাক্ষীৰ সৈতে যোগাযোগ কৰাৰ পৰা বিৰত থকা, আদালতৰ অনুমতি অবিহনে দেশ তথা নিজৰ অঞ্চল এৰি নোযোৱা আদি কেইবাটাও চৰ্তত নূপুৰ বৰাক বিশেষ ন্যায়াধীশৰ আদালতে জামিনত মুকলি কৰি দিছিল। কিন্তু ঠিক এদিনৰ পিছতেই বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী বিভাগে নূপুৰ বৰাৰ বিৰুদ্ধে ১২৫৪ পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰে, য’ত তেওঁৰ জ্ঞাত আয়ৰ উৎসতকৈ ৪৫৮.৬৪ শতাংশৰ ৰূপত অসমতাপূর্ণ সম্পত্তি ৰখাৰ গুৰুতৰ অভিযোগত অভিযুক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ ৫৮ দিনৰ পিছত ২৫/২৫নং গোচৰৰ অধীনত নূপুৰ বৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰী তদাৰকী বিভাগে। অভিযোগৰ গুৰুত্ব আৰু তথাকথিত দুর্নীতিৰ কাণ্ডৰ সঠিক তদন্ত চলাবলৈ মুখ্যমন্ত্ৰী তদাৰকী বিভাগে নূপুৰ বৰাৰ জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে বুলি বিভাগীয় সূত্রই সদৰী কৰিছে।