নূপুৰ কালচাৰেল একাডেমীৰ ভাৰত নাট্যম নৃত্য উৎসৱ

নূপুৰ কালচাৰেল একাডেমীৰ ভাৰত নাট্যম নৃত্য উৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  নূপুৰ কালচাৰেল একাডেমীৰ দশম আন্তঃৰাষ্ট্ৰীয় আৰাংগেত্ৰম আৰু ভাৰত নাট্যম নৃত্য উৎসৱ ২০২২ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপক অনিতা শৰ্মা,ৰামকৃষ তালুকদাৰে৷আৰম্ভণিতে আদৰণি ভাষণ দিয়ে একাডেমীৰ মুখ্য পৃষ্ঠপোষক বিজয় চন্দ্ৰ গোস্বামীয়ে৷অনুষ্ঠানটিত সুদূৰ আমেৰিকা যুক্ৰ ৰাজ্যৰ কেলিফৰ্ণিয়াৰ লিভাৰমোৰ চহৰৰ বাসিন্দা তানিষা ডেকাক ভাৰত নাট্যম নৃত্যৰ দীক্ষান্ত আৰাংগেত্ৰম প্ৰদান কৰা হয়৷তেওঁ নূপুৰ কালচাৰেল একাডেমীৰ গুৰু ড° মনীষা দেৱী গোস্বামীৰ তত্বৱধানত সম্পূৰ্ণ অনলাইন পদ্ধতিত শিক্ষালাভ কৰিছিল৷অনুষ্ঠানত গুৰু ড° মনীষা দেৱী গোস্বামীৰ তত্বাৱধানত একাডেমীৰ ছাত্ৰীসকলে কেইবাটিও ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰে৷এই নৃত্যত কুমাৰী তানিষা ডেকায়ো অংশগ্ৰহণ কৰে৷অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে ভাৰত নাট্যম নৃত্য শৈলীৰ বিনায়ক স্তুতি,পদুম,শব্দম,কৌত্তুভম,বৰ্ণম,অষ্টপদী,শিৱ পাৰ্বতী আনন্দ তান্দৱ,টিল্লানা আদি নৃত্য প্ৰদৰ্শন কৰে৷উক্ত অনুষ্ঠানত তানিষা ডেকাৰ ৰচিত ইংৰাজী পুথি ’দ্য কাৰ্চঅৰ দ্য ব্লেক কেট এন্দ আদাৰ্চ’ পুথি এখনো উন্মোচন কৰা হয়৷