নুমলীগড়ত আজি বিশ্বৰ প্ৰথম বাঁহভিত্তিক ইথানল প্লান্ট উদ্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নুমলীগড়ত বিশ্বৰ প্রথমটো বাঁহভিত্তিক ২জি বায়’ ইথানল প্লান্ট উদ্বোধন কৰিব আৰু পলিপ্ৰোপিলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব । এই দুটা বৃহৎ প্লাণ্টৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে শনিবাৰে সন্ধিয়া এনআৰএল টাউনশ্বিপৰ কমিউনিটী চেণ্টাৰত পেট্ৰ’লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ অধ্যক্ষতাত সংবাদ মেলৰ আয়োজন কৰে। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব পংকজ জৈন, এনআৰএলৰ অধ্যক্ষ আৰু অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথ, এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, এবিইপিএলৰ অধ্যক্ষ আৰু সঞ্চালক গিৰীশ কুমাৰ বৰাৰ উপস্থিতিৰে শোভাবর্ধন কৰা এই সংবাদ মেলখন ১৪ ছেপ্টেম্বৰত গোলাঘাটস্থিত নুমলীগড় ৰিফাইনেৰী লিমিটেডত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতিমূলক অনুষ্ঠান হিচাপে আয়োজন কৰা হয়। পুৰীয়ে এই প্রকল্পকেইটাৰ পৰিৱৰ্তনমূলক পৰিসৰসমূহ আলোকপাত কৰে, যাৰ বাবে ১২,২০০ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছে আৰু লগতে তেওঁ ভাৰতৰ শক্তিখণ্ডত পৰিৱৰ্তন সঞ্চাৰ কৰা আৰু পেট্ৰ’লিয়াম খণ্ডৰ উৎকৰ্ষ সাধন কৰা এই ভূমিকাক গুৰুত্ব আৰোপ কৰে। এই বায়’ ইথানল প্লান্টটো PM-JI-VAN যোজনাৰ অধীনত অসম বায়’ ইথানল প্রাইভেট লিমিটেডে প্রায় ৫,০০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিছে আৰু এয়া হৈছে বিশ্বৰ প্ৰথম এনে এক বিশেষ পদক্ষেপ, যিয়ে বছৰি ৫ লাখ টন বাঁহৰ পৰা ৫০,০০০ টন ইথানল উৎপাদন কৰিব। ইয়াৰ উপৰি এই প্রকল্পটোৱে ঔদ্যোগিক উপজাত সামগ্রী হিচাপে উচ্চ মূল্যৰ ফাৰফুৰাল, এচিটিক এচিড, বায়’চাৰ, এক্টিভেটেড কাৰ্বন আৰু লগতে ২৫ মেগাৱাট সেউজ শক্তি উৎপাদন কৰিব, যাৰ ফলত ই এক স্ব-নিৰ্ভৰশীল শক্তি প্রতিষ্ঠান হিচাপে পৰিচিত হ’ব। এই প্লান্টটোৰ ফলত বছৰি ২৩০ কোটি টকাৰ খাৰুৱা তেলৰ আমদানি হ্রাস পাব, ভাৰতৰ ইথানল মিশ্ৰণৰ লক্ষ্য পূৰণত সহায় হ’ব, ৫,০০০তকৈও অধিক কর্মসংস্থাপনৰ সৃষ্টি হ’ব ৫০,০০০তকৈও অধিক পৰিয়ালক সবল কৰি তুলিব আৰু ১২,৫০০ হেক্টৰ এলেকাত বাঁহৰ খেতি কৰাত কাৰ্বন শোষণ হ’ব। মন্ত্ৰী পুৰীয়ে উল্লেখ কৰে যে এই প্রকল্পসমূহ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ এক অংশ হোৱাৰ লগতে উত্তৰ-পূব ভাৰতক স্বচ্ছ শক্তি, পেট্ৰ’ কেমিকেলছ আৰু গ্ৰাম্য সমৃদ্ধিৰ কেন্দ্র হিচাপে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে স্থাপন কৰা হৈছে। যি পদক্ষেপে জলবায়ু কার্যব্যৱস্থা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশত ভাৰতৰ নেতৃত্বক শক্তিশালী কৰি তুলিব।