নুবুজা সাঁথৰ
সংগীতা ডেকা , ৰঙিয়া
মই শুনো ,
সি নিৰৱে গুণগুণাই থকা
সেই আত্মজ গীতবোৰ !
প্ৰতিটো লহৰে লহৰে
এথোপা এথোপাকৈ ,
শব্দ বাগৰি আহে
মোৰ হৃদয়ত !
মোৰ উশাহবোৰত আহি
মৃদু মৃদুকৈ মিলি যায়
সপোন খেপিয়াই ফুৰা ,
তাৰ দিঠক সামৰি সুতৰি লোৱা
আত্মমন্থনৰ উশাহবোৰ ।
সেই অবুজ শ্বাস প্ৰশ্বাসক
মোৰ চিঞাহীৰ সপ্তদ্বীপাই
সামৰিব খোজে , কিন্তু !
আৰু আৱেগবোৰ ?
নাই , সেয়াতো এক নুবুজা সাঁথৰ হে !