নুনমাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী- খাদ্য সামগ্ৰী প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ নুনমাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা আৰু পিতৃ বা মাতৃ নথকা অথবা বিশেষভাবে সক্ষম লোকৰ অধ্যয়ন কৰি থকা পুত্ৰ কন্যা সকলক আজি শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী যোগান ধৰা হয় । উল্লেখ্য যে আই ৱাই ডি এফৰ উদ্যোগত আৰু আছাম ফ্ল’ৰিষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত নুনমাটি জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষাৰ্থী সকলক এই সামগ্ৰী সমূহ প্ৰদান কৰা হয় । অনুষ্ঠানত নুনমাটিৰ ৬ খন শিক্ষানুষ্ঠানৰ মুঠ ৫০ গৰাকী শিক্ষাৰ্থীক সামগ্ৰী যোগান ধৰা হয় । অনুষ্ঠানত আছাম ফ্ল’ৰিষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালক ৱাজিল হক,নুনমাটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নীলচান তৰা বেগমকে ধৰি অন্যান্য সদস্য সকল আৰু শিক্ষাৰ্থী ,অভিভাৱক সকল উপস্থিত আছিল ।