নুনমাটিৰ শালবাৰীত ২৭-২৮ এপ্ৰিলত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন

pc Northeast Now

নুনমাটিৰ শালবাৰীত ২৭-২৮ এপ্ৰিলত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ নুনমাটিৰ ৩৯ সংখ্যক শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন এইবেলিও ২৭ আৰু ২৮ এপ্ৰিলত শালবাৰী বিহু বাকৰিত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি সন্মিলনৰ কাৰ্যকৰী সভাপতি তনুৰাম ডেকা, সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, কোষাধ্যক্ষ মুকুল বায়ন, সাংস্কৃতিক বিভাগৰ সভাপতি বুদ্ধেশ্বৰ দাস আৰু সম্পাদকদ্বয় হিতেশ ডেকা, পল্লবী বৰা হাজৰিকাই জনাইছে । কাৰ্যসূচী অনুযায়ী ২৭ এপ্ৰিলৰ পুৱা ৮:৩০ বজাত বিহু পতাকা উত্তোলন কৰিব সন্মিলনৰ সভাপতি তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই । ইয়াৰ পিছত ক্ৰমে শ্বহীদ তৰ্পণ কৰিব শ্বহীদ মাতৃ প্ৰভাবালা দাসে, সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব সমাজসেৱক মহেন্দ্ৰ ভাগৱতীয়ে, খেল-ধেমালী প্ৰতিযোগিতা উদ্ধোধন কৰিব অধিবক্তা বিল্লাল হুছেইনে ।বিয়লি ২বজাত আধুনিক নৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব শিল্পী ড০ ৰূপা ডেকা পাটৰে ।সন্ধ্যা ৭ বজাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধনী অনুষ্ঠানত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ উপ-মেয়ৰ স্মিতা ৰয়, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰণজিৎ দত্ত, কবিতা শৰ্মা আৰু সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰীয়ে । ২৮এপ্ৰিলৰ পুৱা ৯ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা উদ্ধোধন কৰিব চন্দ্ৰপ্ৰভা বৰুৱাই, দিনৰ ১২ বজাত ভেশচন প্ৰতিযোগিতা মুকলি কৰিব চবিন কাকতিয়ে, ৪:৩০ বজাত সাজপাৰ প্ৰতিযোগিতা উদ্ধোধন কৰিব ৰাখি বৰাই । সন্ধ্যা ৫:৩০ বজাত কমল কলিতাই সভাপতিত্ব কৰিবলগীয়া বিহুৰ সম্ভাষণ প্ৰদান আৰু মুকলি সভাত সাংবাদিক দীপক শৰ্মা, লেখিকা পুতুলী ঠাকুৰীয়া মেধি, মনোজ নাথ আৰু অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশ ল’ব । ৭বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব ডা: প্ৰাকৃতিশ বৰাই । ইয়াৰ পিছতে হ’বলগা বৰ্ণিল অনুষ্ঠানত দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী প্ৰমুখ্যে ভালেমান শিল্পীয়ে অংশ ল’ব ।