নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন সম্পন্ন

নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলন সম্পন্ন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ নুনমাটিৰ সমীপৰ ৩৯ সংখ্যক শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন বৰ্ণিল কাৰ্যসূচীৰে কালি নিশা সামৰণি পৰে ।কাৰ্যসূচী অনুযায়ী ২৭ এপ্ৰিলৰ পুৱা ৮:৩০ বজাত বিহু পতাকা উত্তোলন কৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ কমল কলিতাই কয়- অপ-সংস্কৃতিয়ে ছানি ধৰিছে যদিও বিহুৰ স্বকীয়তা অসমীয়া জাতিয়ে কেতিয়াও নি:শেষ হ’বলৈ নিদিয়ে, ই মাথোঁ সাময়িকহে । ইয়াৰ পিছত ক্ৰমে শ্বহীদ তৰ্পণ কৰে ক্ৰীড়া সংগঠক অমল নাৰায়ণ পাটোৱাৰীয়ে, সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সমাজসেৱক মহেন্দ্ৰ ভাগৱতীয়ে, খেল-ধেমালী প্ৰতিযোগিতা উদ্ধোধন কৰে অধিবক্তা বিল্লাল হুছেইনে ।বিয়লি ২ বজাত অনুষ্ঠিত আধুনিক নৃত্য প্ৰতিযোগিতাত ৬২ গৰাকী নৃত্য শিল্পীয়ে অংশ গ্ৰহণ কৰি বৰ্ণময় পৰিবেশ সৃষ্টি কৰে । সন্ধ্যা ৭ বজাৰ সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰে সমাজসেৱক অশোক চন্দ্ৰ তালুকদাৰে আৰু মঞ্চ উদ্ধোধন কৰে সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰীয়ে । ২৮ এপ্ৰিলৰ পুৱা ৯ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা উদ্ধোধন কৰে চন্দ্ৰপ্ৰভা বৰুৱাই, দিনৰ ১২ বজাত ভেশচন প্ৰতিযোগিতা মুকলি কৰে চবিন কাকতিয়ে, ৪:৩০ বজাত সাজপাৰ প্ৰতিযোগিতা উদ্ধোধন কৰে ৰাখি বৰাই । সন্ধ্যা ৫:৩০ বজাত কমল কলিতাৰ সভাপতিত্বত বিহুৰ সম্ভাষণ প্ৰদান আৰু মুকলি সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- বাপতি সাহোন ৰঙালী বিহু যুগে-যুগে থাকিব । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । কবি, সাহিত্যিক, শিল্পীসকলৰ মানবীয়তাৰ এক দিশ উল্লেখ কৰে । সন্মিলনৰ সাংস্কৃতিক বিভাগৰ সভাপতি বুদ্ধেশ্বৰ দাসে সাবলীল ধৰণেৰে আঁত ধৰা অনুষ্ঠানত বিশিষ্টা সমাজকৰ্মী, প্ৰাক্তন ডেপুটী মেয়ৰ বিজুলী কলিতা মেধিয়েও অংশ লয় । সভাত সন্মিলনৰ কাৰ্যকৰী সভাপতি তনুৰাম ডেকা, সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা, কোষাধ্যক্ষ মুকুল বায়ন, পল্লবী বৰা হাজৰিকা, জিতেন দাস প্ৰভৃতিয়ে অংশ লয় । ইয়াৰ পিছতে মনোৰম সাংস্কৃতিক অনুষ্ঠানত সুকন্ঠৰ শিল্পী দিগন্ত ভাৰতী, ভাস্বতী ভাৰতীয়ে গীত পৰিবেশন কৰাৰ লগতে বাৰেৰহণীয় কৃষ্টি-সংস্কৃতি পৰিবেশন কৰা হয় ।