নুনমাটিত বিশ্ব পৰিৱেশ দিৱস ৰ আয়োজন

Pc Club Mahindra

নুনমাটিত বিশ্ব পৰিৱেশ দিৱস ৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে মহানগৰীৰ নুনমাটি ৰে’লৱে উৰণীয়া সেতুৰ সমীপত বিশ্ব পৰিৱেশ দিৱসৰ আয়োজন কৰা হৈছে৷ এম. এন. বৰ্মন চেৰিটেবল ন্যাস আৰু নৃত্য-নাট্যম সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত “Tree for Earth- Walk for Heart” শীৰ্ষক স্বাস্থ্য সজাগতাৰ অনুষ্ঠানৰ লগতে গুৱাহাটী তেল শোধনাগাৰৰ গাতে লাগি থকা পথৰ দাঁতিত গছ পুলি ৰোপনৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ৰাইজৰ সমিলমিলেৰে পথৰ দাঁতিত ৰোপন কৰা হ’ব কৃষ্ণচুড়া, ৰাধাচুড়া, সোণাৰু আদি থলুবা গছৰ পুলি ৷ ইয়াৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ খোজ কঢ়াৰ প্ৰয়োজনীয়তাৰ অৰ্থে ১.৫ কিল’মিটাৰ খোজ কঢ়াৰ এক অনুষ্ঠান ৷ উল্লেখযোগ্য যে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে একোটাকৈ T-Shirt, টুপী আৰু জেবি’জৰ ফালৰ পৰা পাতলীয়া আহাৰ যোগান ধৰা হ’ব ৷ পুৱা ৭ বজাত আৰম্ভ হ’ব লগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব হাৰ্টকেয়াৰ ছ’চাইটি অব আসামৰ মাণ্ডলীক সচিৱ মুকুল নাৰায়ণ বৰ্মন, নৃত্য-নাট্যমৰ সভাপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া স্বপ্ননীল বৰুৱা, নৃত-নাট্যমৰ সাধাৰণ সম্পাদক প্ৰকাশজ্যোতি বৰুৱা, বিশিষ্ট সমাজকৰ্মী গোপাল জালান, বিশিষ্ট সত্ৰীয়া শিল্পী কন্যা কুমাৰী শইকীয়াৰ লগতে বহুকেইজন চিকিৎসক, প্ৰকৃতি প্ৰেমী তথা স্থানীয় গণ্য-মান্য ব্যক্তি ৷ উল্লেখ্য, দেওবাৰে অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানটোৰ পৃষ্ঠপোষক মুকুল নাৰায়ণ বৰ্মন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰকাশজ্যোতি বৰুৱা, গোপাল জালান আৰু ইণ্ডিয়ান কাৰ্বন ৷ অনুষ্ঠানত সদাশয় প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাই৷