নীৰৱ আশা – চিমী বৰুৱা

Pc Peakpx

নীৰৱ আশা

 চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী

মই জানো, তেওঁ নাহে,
তথাপিও অপেক্ষা কৰোঁ—
যেন মনটোৱে একেটা কথা ভাবি
দিনে দিনে সেই বাটতে আহি থমকি ৰয় ।
অভিমানো লাগি থাকে,
কিন্তু নিজেই ভাবোঁ—
তেওঁ জানিবও নোৱাৰিব,
বুজিবও নোৱাৰে হয়তো…
তথাপিও মনটোয়ে কিবা এটা আশা লৈ থাকে।
কেতিয়াবা কেতিয়াবা নিজেই হাঁহি উঠে,
“এই যে মানুহজনক লৈ
এতিয়া কেনে মৰম জন্মিল?”
এই কথা ভাবিলেই বুকু স্তব্ধ হৈ যায়।
আৱেগ বহুত থাকে,
কিছু কব বিচাৰোঁ,
কিন্তু শব্দবোৰ ওঁঠলৈ আহিও থমকে—
যেন মনেই কয়, “নোকোৱাই বেছি ভাল।”
এতিয়া এইখিনি মুহূর্ত,
মোৰ ভিতৰত নিঃশব্দে বাজি থাকে—
অপেক্ষা, অভিমান, মৰম, নীৰৱতা…
সকলোতে এটা মিহি ব্যথাৰ সুৰ।
মই অনুভৱ কৰোঁ,
কিন্তু কাকো ক’ব নোৱাৰোঁ।