নীৰৱতাৰ স্পন্দন
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
এতিয়া চোন নীৰৱতাৰ স্পন্দনত হে
উন্মোচিত হয় শান্তিৰ বীজ,
যন্ত্ৰণাৰ ক্ষয়িষ্ণু ক্ষণত,
দগ্ধ হিয়াৰ উপশমী দ্ৰৱণ যেন আহি
আঁকোৱালি ধৰিছে ,
বিষাদৰ গভীৰতাত পতন যোৱা আত্মাক
অদৃশ্য হস্তেৰে উজাৰি তুলি,
যুঁজিবলৈ দৃঢ়তা দিছে,
নিঃশব্দৰ কোলাহলত।
অন্ধকাৰৰ গৰ্ভত
দীপ্তি বিচৰা দৃষ্টিৰ পথাৰত
এই নীৰৱতাই দিয়া নিস্তব্ধ বাণীয়ে
সান্ত্বনা বিলাই যায়—
যেন মৃত্যুৰ পৰিসমাপ্তিতো
এক নৱজীৱনৰ উজ্জ্বল কিৰণ থাকে।