নীৰস নীৰৱতা – শৈলেন কুমাৰ

Pc The Space Ink

নীৰস নীৰৱতা

শৈলেন কুমাৰ, মিৰ্জা , দক্ষিণ কামৰূপ

অনুভৱৰ দলিচাত
পৃষ্ঠা লুটিয়াই চাই
অকপট স্বীকাৰোক্তি
নীৰস নীৰৱতা সৰ্বব্যাপী দুঃস্বপ্ন

মনমগজু দুখিতঃ
অৰ্থলোভত মগন
স্বচলতা এক ভেঙুচালি
আঁতৰাই চোৱা যদি দৰ্পণ

ৰজাৰ উৎপীড়ন
বলিয়া প্ৰজাগণ
ফোপলা স্বৰূপ ঢাকি
কৰে স্বয়ম্ভু শক্তিৰ জয়গান

নীৰিহ সকলৰ আৰ্তনাদ
মিছা অহংকাৰত মচগুল
এলেহুৱা জাতিৰ অন্তিম পন্থা
উৰুৱাই উন্নয়নৰ জয়ধ্বজা

জাতি আজি বিকলাংগ
যুৱশক্তি নিচাসক্ত
জাতিৰ নায়কৰ পাতি শ্ৰাদ্ধ
বহিৰাগতৰ হাতত সকলো আৱদ্ধ

কেউদিশে নীৰস নীৰৱতা
লাচিতৰ দেশ হ’ল পৰাস্ত
যিদিনাখনে আঁতৰিব
বন্দীত্বৰ আঁৰকাপোৰ
বিচাৰি ফুৰিবা নীৰস নীৰৱতা