নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা প্ৰদান

নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ মৰ্যদা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট কৰ্ণেল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চি অ’ এ এছ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ উপস্থিতিত নীৰজ চোপ্ৰাক বুধবাৰে লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীৰ চুবেদাৰ পদবী লাভ কৰিছিল । ২০২৫ চনৰ ১৬ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত সন্মানীয় আয়োগ প্ৰদান কৰিছিল। ২০১৬ চনৰ পৰা ভাৰতীয় সেনাৰ সৈতে জড়িত থকা নীৰজে চলিত বৰ্ষৰ মে’ মাহত চুবেদাৰ পদ ত্যাগ কৰিছিল। উল্লেখ্য যে, কিছুমাহ পূৰ্বে ৰাষ্ট্ৰপতিয়ে অধিসূচনা জাৰি কৰি কৈছিল যে নীৰজক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবী প্ৰদান কৰা হ’ব। নিয়ম অনুসৰি একে সময়তে এজন লোকে দুটা পদবীত থাকিব নোৱাৰে। যাৰ বাবে নীৰজে পদত্যাগ কৰিছিল। তাৰ পাছত এতিয়া নীৰজে নতুন ৰেংক লাভ কৰিছে। টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰা নীৰজ বিগত ৯ বছৰ ধৰি ভাৰতীয় সেনাৰ সৈতে জড়িত হৈ আছে। ২০১৬ চনৰ ২৬ আগষ্টত নৈব চুবেদাৰ হিচাপে সেনাবাহিনীত যোগদান কৰিছিল নীৰজে। ২০২১ চনত তেওঁ চুবেদাৰ পদলৈ পদোন্নতি হয়। ২০২২ চনত তেওঁ চুবেদাৰ মেজৰ হয় আৰু এতিয়া তেওঁ লেফটেনেণ্ট কৰ্ণেল হয়।