নীল সমুদ্ৰৰ সিপাৰে – আয়নাল হক

PC Adobe Stock
নীল সমুদ্ৰৰ সিপাৰে
আয়নাল হক, ধুবুৰী 
নাজানো কি আছে
নীল সমুদ্ৰৰ সিপাৰে…
য’ত দিগন্তই জিৰণি লয় গৌৰৱেৰে।
কিন্তু
বুকুৱেদি উজাই অহা হেঁপাহবোৰে
কি বিচাৰে আকুলতাৰে?
কিয় হয় উন্মনা
নীল সমুদ্ৰৰ ঢৌৱে ঢৌৱে ?
গভীৰতা জুখিব নোৱাৰোঁ বুলি জনাৰ পিছতো
আলসুৱা মনে সমুদ্ৰৰ গভীৰতা জোখাৰ
কিয় প্ৰয়াস কৰে ?
মানিক বুটলিবলৈ কৰা ব্যৰ্থ চেষ্টাকো
মানি ল’ব নোৱাৰে সহজে।
আকাশখন বুকুত সাৱটি
নীলা হৈ পৰা সমুদ্ৰখনে
বাৰে বাৰে স্বপ্ন গুজি দিয়ে
সপোনে…দিঠকে !
যান্ত্ৰিকতাৰ পৰা নিলগত
সমুদ্ৰৰ ঢৌ লেখি
মনে দিগন্তৰ পৰিধি চুমে
যদিও নাজানো
কি আছে
নীল সমুদ্ৰৰ সিপাৰে…।