নীল- নয়নৰ অলৌকিক চাৱনি – নাচিমা য়াচমিন

নীল- নয়নৰ অলৌকিক চাৱনি

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

নীল-নয়নৰ সেই অলৌকিক চাৱনিয়ে
আজিও সজীৱ কৰে অন্তৰৰ গুপ্ত অধ্যায়,
যাৰ মৰমৰ জোনাকীয়ে কেতিয়াবা
প্ৰাণত নিঃশব্দৰ পুষ্প ফুলাইছিল।
যাৰ ওচৰত আছিল মৰমৰ কোমল স্পৰ্শ,
কিন্তু সেই মৰমৰ ভাগ দিবলৈ
স্বীকৃতিৰ ৰশ্মি নাছিল।
সন্দেহৰ এক গভীৰ অন্ধকাৰে
চৌপাশ ঢাকি ৰাখিছিল।
অস্পষ্ট আশ্বাসবোৰ,
যি কোনোদিনেই সময়ৰ কঠিন বাস্তৱত
 আত্মপ্ৰকাশ কৰিব নোৱাৰিছিল,
আত্মাৰ চাৰিওফালে নিৰ্মম অন্ধকাৰ,
য’ত জোনাকীয়ে কাষলৈ আহিবলৈ
সাহস নকৰিছিল।
চন্দ্ৰমাজনীও যেন দুখত দীপ্তি হেৰুৱাই,
নিশাৰ কোলাত লুকাই পৰিছিল,
শূন্যতাৰ আৱৰণ পিন্ধি ,নীৰৱ সাক্ষী হৈ
কিছু কথা ক’বলৈ চেষ্টা কৰিছিল।