নীল আকাশৰ অন্তৰত নীলিমা
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
নীলিমাৰ ফোনৰ স্ক্ৰীনত চিনাকী যেন লগা অচিনাকী নম্বৰ এটি জিলিকি উঠে। ওচৰতে বহি থকা স্বামীৰ ফালে তাই এবাৰ চকু ফুৰালে । স্বামীৰ পৰা ” একো নহয়,ফোনটো উঠোৱা “—সূচক ইংগিত পাই তাই ফোনটো ৰিচিৱ কৰি শব্দহীন হৈ পৰে। এটি চিনাকী কন্ঠস্বৰ —”: ভালে আছা নে তুমি, নিলু? “
কিয়? কেনেকৈ? তেওঁৰ সুধিবলৈ সাহস কেনেকৈ হ’ব পাৰে তাই ভালে আছে নে নাই বুলি,,,? সেই নিশা প্ৰায় এঘাৰ মান বজাত তাইক অন্ধকাৰত অকলে এৰি গুচি গৈছিল । দিনৰ পাছত দিন যেতিয়া তাইক অৱহেলা কৰিছিল তেতিয়া জানো এবাৰো খবৰ লৈছিল
তেওঁ — তাই ভালে আছে নে নাই? যেতিয়া অন্ধকাৰৰ মাজত কুকুৰৰ ভুক – ভুকনি শুনি ভয়ত তাইৰ প্ৰাণ বায়ু ওলাই যোৱাৰ উপক্ৰম হৈছিল, সি সুধিবলৈ সময় পাইছিল নে তাই ভালে আছে নে? তাই সুস্থ শৰীৰে ঘৰলৈ উভতি আহিছিল নে এজাক বনৰীয়া হিংসুক জন্তুৰ লালসাৰ স্বীকাৰ হৈছিল,,,,, সি খবৰ লৈছিল নে? লোৱা নাছিল। সেইদিনা সি এবাৰো সুধা নাছিল, তাই ভালে আছে নে নাই। কিন্তু আজি কিয় ,,, ? কিয় আহিছে তাইৰ খবৰ ল’বলৈ,,? তাই ভালে আছে নে নাই সুধিবলৈ কিয় আহিছে ?
খঙত তাইৰ সৰ্বশৰীৰ জ্বলিছে। কিন্তু সেই সময়তেই তাইৰ উতপ্ত শৰীৰত স্পৰ্শ পৰে দেৱদূতজনৰ, যিয়ে তাইক নতুনকৈ জীৱাই উঠিব শিকাইছে,যিয়ে তাইক নিঃস্বাৰ্থভাৱে ভালপায়, মৰম কৰে যত্ন কৰে।
তাই কল কাটি ব্লক কৰি দিলে। নোৱাৰিলে সেই অসুৰটোৰ মাতষাৰ শুনিব। ঘৃণাৰ অযোগ্য সেই অমানুষজনক তাই এটা সময়ত বলিয়াৰ দৰে বিচাৰিছিল, স্নেহ কৰিছিল। কিন্তু সি,,,, তাৰ বাবে ভালপোৱা আছিল কেৱল এক খেল। তাৰ আগত আৱেগ, আন্তৰিক সম্পৰ্কৰ কোনো মূল্য নাছিল।
মাক – দেউতাকৰ হাজাৰ বুজনি, ককায়েকৰ হাতৰ মাৰ, খং সকলো সহ্য কৰাৰ পাছতো নীলিমাই মনে – প্ৰাণে ভাল পাইছিল ৰকিক। “ল’ৰাটো ভাল নহয়, বহুত ছোৱালীৰ লগত তাৰ সম্পৰ্ক আছে, সি কেৱল মাত্ৰ প্ৰেমৰ নাটক কৰি ছোৱালীবোৰক নিজৰ ফালে আকৰ্ষিত কৰে। অন্য একোৱেই কাম নকৰে সি, দিনৰ দিনটো বুলেট খন লৈ বিকট শব্দ কৰি কলেজৰ আগে পিছে ঘূৰা- ঘূৰি কৰে। ” — এইবোৰ কথা তাইক বুজাই বুজাই মাক – দেউতাক লেবেজান হৈ পৰিছিল। কিন্তু তাইৰ কণমানি মগজুত এইবোৰ কথা সোমোৱা নাছিল, তাইৰ কাণক ভেদ কৰিব পৰা নাছিল। এই উপদেশবোৰে তাইৰ শৰীৰক বিন্ধিব পৰা নাছিল। ৰকি আৰু তাৰ ভালপোৱাৰ প্ৰতি অগাধ বিশ্বাস আছিল নীলিমাৰ। সেই বিশ্বাসৰ বেৰে তাইক অন্ধ কৰি তুলিছিল।
সকলোৰে কথা আওকাণ কৰি তাই ৰকিৰ লগত দিনৰ দিনটো ঘূৰি ফুৰিছিল বুলেটৰ পিঠিত উঠি । কলেজৰ ক্লাছবোৰ এৰাই চলিছিল, খুব কম দিনৰ ভিতৰতে তাইৰ পঢ়া – শুনাৰ পৰা মন উঠি পৰিছিল। পৰীক্ষাবোৰতো ফলাফল তেনেই শোচনীয় হৈ পৰিছিল। এটা চেমিষ্টাৰত বেক পৰ্য্যন্ত লাগিছিল। হ’লেও তাই সলনি হোৱাৰ নাম নলৈছিল। তাই যিখন অন্ধকাৰ পৃথিৱীত ভৰি দিছিল, সেইখন পৃথিৱীয়ে এদিন তাইক ধ্বংস কৰি তুলিব বুলি কল্পনাও কৰা নাছিল।
মা -দেউতাই তাইৰ এনে ভয়ংকৰ অধঃপতনত বৰকৈ চিন্তিত হৈ পৰিছিল। তেঁওলোকে ককায়েকক ঘৰলৈ মাতি পঠিয়াইছিল তাইক বুজোৱাৰ উদ্দেশ্যে। সি কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতি আহি এই ভয়ংকৰ পৰিণতিৰ পৰা তাইক ৰক্ষা কৰিবলৈ উঠি পৰি চেষ্টা কৰিছিল। কিন্তু তেওঁলোকৰ সকলো চেষ্টাত চেঁচা পানী ঢালি দি নীলিমাই নিজৰ জীৱন ধ্বংসৰ মুখত এৰি দিছিল।
ককায়েকৰ খঙে চূড়ান্ত শিখৰত অৱস্থান পাইছিলগৈ। সি নিজৰ একমাত্ৰ ভনীয়েকৰ গাত হাত পৰ্য্যন্ত তুলিছিল। তাইক কলেজত যোৱা বন্ধ কৰি দিছিল। হাতৰ ফোনটো কাঢ়ি নিছিল। তাইক ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিল। তাৰ কেৱল এটাই লক্ষ্য ভনীয়েকক সঠিক পথত উভতাই অনা আৰু সমাজত দেউতাকৰ সন্মান অক্ষুণ্ণ ৰখা।
সেই মতেই ৰকিৰ বিৰুধ্যে থানাত এজাহাৰ দিছিল, যাৰ ফলত তাক পুলিছে এৰেষ্ট কৰিছিল। এৰাতি থানাত থাকিব লগাও হৈছিল। নীলিমাই ৰকিৰ কাষত যাবলৈ অশেষ চেষ্টা কৰিছিল কিন্তু তাইক পৰিয়ালৰ মানুহে ৰূমত বন্ধ কৰি ৰাখিছিল। কিন্তু ৰকিৰ চকুত জ্বলিছিল প্ৰতিশোধৰ অগ্নি। সি নীলিমাৰ জীৱন ধ্বংস কৰি তাইৰ পৰিয়ালৰ মানুহৰ পৰা প্ৰতিশোধ ল’বই ল’ব।
ছোৱালী মানু্হৰ মন বৰ আৱেগিক হয়। সেই সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰি ৰকিয়ে এদিন সুযোগ বুজি নীলিমাৰ লগত যোগাযোগ কৰিছিল। তাৰ পাছত সি নিজৰ পৰিকল্পনা অনুযায়ী তাইক ভালপোৱাৰ যুক্তি দি কঠিন পদক্ষেপটি ল’বলৈ আৱেগিক কৰি তুলিছিল। ৰকিৰ প্ৰেমত অন্ধ হৈ তাইয়ো ৰকিৰ কথাত হয়ভৰ দিছিল।সেইমতেই এদিন তাই মাক -দেউতাকক পৰ কৰি ৰকিৰ হাত খামুচি আপোন কৰি লবলৈ পৰিকল্পনাত যোগ দিছিল। ৰকিৰ কথামতেই তাই ঘৰৰ পৰা যিমান সম্ভৱ পাৰি টকা – পইচা ,আ- অলংকাৰ বেগত ভৰাই লৈছিল। কিন্তু সকলোবোৰ হাতত পোৱাৰ পাছতেই সি নিজৰ প্ৰকৃত স্বৰূপ নীলিমাৰ ওচৰত দাঙি ধৰিছিল। ধনৰ বেগ পোৱাৰ পাছ মূহুৰ্ততেই সি নীলিমাক অন্ধকাৰ পথৰ দাঁতিত অকলশৰে এৰি গুচি গৈছিল। তাইৰ কথা এবাৰো ভবা নাছিল। কিয়নো ভাবিব সি,,, প্ৰকৃততে সি কেৱলমাত্ৰ তাইৰ লগত প্ৰেমৰ সম্পৰ্কৰ অভিনয় হে কৰি আছিল অত দিনে।
তাই চিঞৰি চিঞৰি কান্দিছিল, ৰকিক অনুৰোধ কৰিছিল অকলে এৰি নাযাবলৈ। কিন্তু সি পিছলৈ এবাৰ ঘূৰি চাবলৈও প্ৰয়োজনবোধ কৰা নাছিল। পথৰ মাজত বহি হিয়া উজাৰি কান্দিছিল তাই। মাক – দেউতাকৰ কথা নামানি কিমান ডাঙৰ ভুল কৰিছে , সেই সময়ত উপলদ্ধি কৰিব পাৰিছিল।
পথৰ কুকুৰবোৰেও যেন তাইৰ কান্দোন শুনি ওচৰ চাপি আহিছিল। সেই সময়ত দেৱদূত জন হৈ আহিছিল আকাশ, তাইক সামৰি ল’বলৈ। সৌ দূৰণিৰ নীল আকাশৰ গভীৰতাৰ দৰেই এইজন আকাশেও তাইক ভালপোৱাৰ গভীৰতা অনুভৱ কৰাইছিল।
অতীতৰ কথাবোৰ তাইক আজি বৰকৈ কঁপাই গ’ল। তাইৰ চকুত টোপনি নাই। সেই কথা আকাশে ঠিকেই ধৰিব পাৰিছে। টোপনিসনা মাতেৰে সি নীলিমাক ক’লে —
: “নিলু, টোপনি যোৱা নাই? “
: “ওহো, আচ্ছা আকাশ, সেইনিশা যদি আপুনি নাহিলে হয়,, মোৰ কি হ’লে হয়,, ? মই চাগে বাচি নাথাকিলোঁ হয়, হয়তো কোনোবা হিংস্ৰ জন্তুৰ ভক্ষণৰ স্বীকাৰ হ’লো হয়। “
: “অলক্ষণীয় কথাবোৰ নকবা সোণ । যদি তুমি সেইৰাতি ওলাই নাহিলা হয় তেন্তে মই তোমাক কেনেকৈ পালোঁ হয় কোৱা চোন ? সদায় এটা কথা মনত ৰাখিবা, যি হয় ভালৰ কাৰণেই হয়। অন্যক কষ্ট নিদিবা কেতিয়াও, তেতিয়াহে ভগৱানে তোমাক কষ্ট নিদিয়ে। সদায় মানুহৰ ভাল হোৱাটো বিচাৰিবা তেতিয়াহে ভগৱানে তোমাৰ ভাল কৰিব। “
আকাশৰ হৃদয় গভীৰত নীলিমা কোঁচ -মূচ খাই সৰু পোৱালীটোৰ দৰে সোমাই আছে। সিও তাইক যিমান পাৰে আঁকোৱালি লৈছে।
: ” মা – দেউতালৈ বৰ মনত পৰিছে আকাশ। “—ৰূমৰ অন্ধকাৰতো নীলিমাৰ চকুত জিলিকি থকা নিয়ৰৰ কণিকাটি আকাশে দেখি পোৱাত বুকুখন যেন মূচৰ খাই উঠিল।
: ” এতিয়া শুই যোৱা। কথা দিলোঁ এদিন মই সকলো ঠিক কৰি দিম।”
হয়, আকাশে নীলিমাক দিয়া কথা ৰাখিলে। মাক – দেউতাকে যিমানেই খং – অভিমান কৰি নাথাকক কিয়, আকাশৰ নম্ৰতা, ভদ্ৰতাই তেঁওলোকৰ অন্তৰ কোমল কৰিবলৈ বাধ্য কৰিলে। কথাবোৰ ইমানো সহজ নাছিল পিছে। কিন্ত মনত সৎ উদ্দেশ্য আৰু ধৰ্য্য ৰাখিলে সকলো সম্ভৱ। আকাশৰ নেৰা – নেপাৰা প্ৰচেষ্টাৰ ফলত আজি প্ৰায় এক বছৰৰ মূৰত নীলিমাৰ মা- দেউতাই তাইক লগ কৰিবলৈ ঘৰলৈ আহিছে। হিয়া উজাৰি তাই মাকক সাৱটি ধৰি কান্দি অত দিনে মনত পুহি ৰখা বিষাদবিলাক পাতল কৰিলে।
আকাশে এটি প্ৰাপ্তিৰ হাঁহি মাৰিলে।
