নীলা খাম – ইভা গন্ধীয়া ফুকন 

Pc Etsy

নীলা খাম

 ইভা গন্ধীয়া ফুকন 

নীলা খামৰ মাজতে থাকে
দুখ বেদনা
হাঁহি কান্দোন
আশা নিৰাশা
পোৱা নোপোৱাৰ সম্ভেদ
প্ৰেমৰ জয় যাত্ৰা এই খামতে
হয়তো বুজিয়ে নাপালোঁ
প্ৰেম ধৰ্মযুদ্ধ নে অৰ্থনীতিৰ জটিল সূত্ৰ
নীলা খামৰ শব্দবোৰ গোটাই লবা
যিবোৰ মোবাইল ফোনৰ এছ এম এছে কঢ়িয়াব নোৱাৰে
যিবোৰ পানীত পেলালে ঢৌ এটা তুলি মিচিকিয়াই হাঁহে
নীলা খামৰ মাজতে আছে হেৰাই যোৱা অতীত
যিবোৰ তুমি গোটাই লৈ পোহৰ কৰি দিব পাৰিবা হৃদয়।