নীলা খামৰ চিঠি
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
মৰমৰ,
অভিমানী ল’ৰাজন,
প্ৰথমতে তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জনালোঁ লগতে অজস্ৰ ধন্যবাদ আৰু একুবু মৰম যাচিছোঁ। আশা কৰোঁ কুশলে আছা । স্মৃতিবোৰৰ জেউৰ ধৰি গুৰি কটা গছৰ দৰে ভীতিবিহ্বল হৈ বিশাল জনাৰণ্যত নিঃসংগতাক সংগী কৰি আছো ৰ’বা মইয়ো । বহুদিনৰ পৰাই একলম লিখিম বুলি ভাৱি ভাৱি নোৱাৰোৱেই কামৰ তাগিদাত। আজি আবেলিৰ এচমকা হেঙুল কিৰণৰ চিকমিকনিত কাগজ- কলমটো লৈ বহিলোঁ। এৰি অহা দিনৰ পৰা তোমালোকৰ খা- খবৰ নোপোৱা হ’লোঁ।সেইদিনবোৰলৈ উভতিবলৈ মন যায়। তোমালোকৰ লগত কটোৱা সেই মধুৰ ক্ষণবোৰ ভাহি উঠে মানসপটত জলজল পটপটকৈ ! এৰা, বাকী পঢ়া-শুনাত মন দিছা নহয়? চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা হবলা সমাগত। হাড় কঁপোৱা শীতো পৰিছে নহয়, দেহৰ যতন ল’বা দেই।নিত্য কর্তব্যবোৰ সূচাৰূপে কৰি যাবা, কাইলৈৰ কাৰণে একোকে পেলাই নথ’বা । মানৱ জীৱন বিভিন্ন সমস্যাৰে জর্জৰিত! দুখ নকৰিলে সুখকণ যে মূল্যহীন। দুখে বুজাই দিয়ে সুখৰ মদকতা, আৰু যত্নই – কৰ্মই দেখুৱাই দিয়ে ৰত্নখচিত সোণোৱালী ভৱিষ্যত। তুমি অমাসিক ল’ৰা জীৱনবোধৰ মৰ্মাৰ্থ তোমাৰ মানত খুব স্পষ্ট।পৰিশ্রমী ল’ৰা, বিভিন্ন দিশত তোমাৰ প্রতিভা আছে ,সেইবোৰ মৰহি যাবলৈ নিদিবা।লক্ষ্যত সাফল্যমণ্ডিত হ’বলৈ আপ্রাণ চেষ্টা কৰিবা, তুমি পাৰিবা জানো। আজি কালি মানুহৰ মুখখন দেখিলেই অন্তৰৰ অব্যক্ত কথাবোৰ যেন স্বতস্ফূর্তভাবে বোধগম্য হৈ যায়, কিয়নো দৰিদ্রতা, অভাৱত – অনাটনে কোঙা কৰা জীৱনৰ যাত্রী আমিও আছিলো। সেয়ে বুজি পাওঁ, অভাৱ কি কষ্ট কি? ই এক নৰকীয় যাতনা। তথাপিও ৰুদ্ধ কৰিব পৰা নাই জীৱন যুঁজৰ অবিৰাম গতি ।
তোমাকো কৈছো শুনা, অভাৱ বা দৰিদ্রতাৰ ওচৰত কেতিয়াও নতশিৰ নকৰিবা ইচ্ছা শক্তিক জীয়াই ৰাখিলে কৃতকার্যতাৰ পথত দৰিদ্রতাই কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। আৰু বিশ্বাসত ল’ব নোৱাৰা মানুহবোৰৰ আগত আত্ম প্রকাশ নকৰিবা, আজি কালি মানুহবোৰে অনবৰতে আনৰ অহিত সাধনৰ বাবে অহৈতুক বহি থাকে , দুর্বলতাবোৰক ব্ৰহ্মাস্ত্ৰ কৰি প্ৰয়োগ কৰাৰ কৌশলটো জানে । সেয়ে দুখৰ বিননি গাই শুনাবলৈ প্ৰয়াস নকৰিবা পানীৰ তলৰ কাঁইটৰ ওচৰত। খুব বেছি বেয়া লাগিলে বা কষ্ট হ’লে নিজে নিজক সময় দিবা, এসময়ত চাবা, সেই সময়ে তোমাৰ সুখৰ ৰহঘৰা সাজি দিব।
সি যি কি নহওঁক, তোমালোকলৈ বৰকৈ মনত পৰে। মাত্ৰ কেইটামান মাহৰ বাবে লগ পাইছিলোঁ । বিনাদ্বীধাই সকলোৱে মোৰ ওচৰত আত্মপ্রকাশ কৰাৰ সুযোগকণ দিব নোৱাৰিলোঁ । তথাপিও সেই কেইদিনতেই তোমালোক মোৰ বুকুৰ কুটুম্ব হৈ পৰিছিলা । এতিয়া মাথোঁ স্মৃতিৰ আখৰাবোৰ লৈ জীয়াই আছো। একান্তে ভাৱো, তোমালোকৰ ভিতৰতে বহুতে কিজানি এই কোমল বয়সতে কান্ধত ঘৰখনৰ দায়িত্বৰ বোজা লৈ ভাগৰি পৰিছা চাগে? সপোনৰ সোপান দিঠকত পৰিণত নকৰাকৈয়ে লিখা-পঢ়াৰ পৰা বিৰতি লৈছা ? ঘৰখনৰ বৰখুঁটা হৈ পৰিয়ালৰ মূৰৰ ওপৰৰ আকাশখন হ’বলৈ সময়ে শিকাই দিছে চাগে, আৰু ছোৱালীকেইজনীয়ে হয়তো অনিচ্ছা স্বত্ত্বেও সিৰত ৰাঙলী বৰণৰ পদূলিটো মুকলি কৰি লৈছা ? কিছু দৰিদ্রতাৰ কবলত পৰি অন্যহাতে খবৰ দুটামান পাইছোঁ ৰ’বা , পিতৃ-মাতৃৰ হেঁচাত । ঘৰখনৰ পৰা বিদায় দিব পাৰিলেই যেন গংগাস্নান সদৃশ পূণ্য লাভ কৰে ; কান্ধৰ বোজা পাতল হয় !
পৰম্পৰাগত এটা ধাৰণাৰ কবলত পৰি পিছপৰা , গ্রাম্যাঞ্চলৰ পিতৃ মাতৃয়ে ছোৱালীক পঢ়া-শুনা কৰিবলৈ সুযোগ নিদিয়ে, পাকঘৰৰ আখলটোৱেই যেন তেওঁলোকৰ মতে উত্তম স্থান।সংসাৰ দায়িত্ব লোৱাটোৱেই যেন নাৰীৰ প্রধান কর্তব্য। যিসকলে সেই ধাৰণাৰ বশৱৰ্তী হৈ বা স্বইচ্ছাই আন এখন ঘৰৰ দায়িত্ব মূৰ পাতি লৈছা, সেইটো যেন সূচাৰুৰূপে পালন কৰিবা। দুখন ঘৰৰ লোকৰ মাজৰ মিলাপ্ৰীতিৰ সূতাডাল টানকৈ ধৰি ৰাখিবা। নিজৰ সপোনবোৰ সুযোগ পালে, দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিবা।আজিৰ যুগত এগৰাকী নাৰী আত্মনিৰ্ভৰশীল হোৱাটো ডাঙৰ প্রত্যাহ্বান স্বৰূপ ।
যিয়েই নহওঁক, অভিমানী ল’ৰাজন শুনা, বাইদেউৰ প্রতি একুকু অভিমান লৈ আছা জানো, বুজি পাওঁ, তোমালোকৰ সময়টোৱেই এনেকুৱা । মানুহ পৰিস্থিতিৰ দাস আমিও তাৰ ব্যতিক্রম নহয়। কথাৰ কথকতা সময়ত সুখ দিয়ে অসময় সুখ হৰণ কৰে ।তুমি বা আমিও তাৰ ঊর্ধ্বত নহওঁ। এৰা, মুঠতে ভালকৈ পঢ়া-শুনা কৰিবা, জানো তুমি পৃথক, তোমাৰ ধ্যান-ধাৰণা, দৃষ্টিভংগী সাধাৰণতকৈ ব্যতিক্রম। কথাতেই আছে নহয়, “য়ি মূলা বাঢ়ে, তাৰ দুপাততেই চিন। “সেই কথা তোমালোকক শ্রেণীকোঠাত প্রথম লগ পোৱাৰ দিনৰ পৰাই প্রতীয়মান কৰিব পাৰিছোঁ। দুখ-কষ্টৰ বিৰুদ্ধে দেৱাল হৈ থিয় দিয়াৰ অভ্যাসটো অব্যাহত ৰাখিবা । ভাগৰি নপৰিবা, আকাশলংসী হোৱা, হতাশা- নিৰাশাৰ বানে যাতে তোমাক চুব নোৱাৰে তাৰ প্ৰতিও সদায় সচেতক হৈ থাকিবা । সপোনৰ পথাৰত সিঁচি দিয়া বীজবোৰ শস্য সম্ভাৱা হোৱালৈ যত্ন ল’বা।এই তোমাৰ মুখৰ হাঁহিটো , সেইটো কেতিয়াও ম্লান হ’বলৈ নিদিবা ।
জীৱনত কাৰো প্রয়োজন নহ’ব বুলি কেতিয়াও আত্মগৰ্বী নহ’বা। মানুহ মাত্ৰেই আৱেগবিহ্বল, মান- অভিমানৰ বতাহে আমক উৰুৱাই নিয়াৰ উপক্রম হয় মাজে মাজে । সেয়ে সেইবোৰ ৰিপুক পৰাপক্ষত দমন কৰি ৰাখিব ।কেতিয়াবা মনৰ পথাৰত গধুৰ হৈ থকা বেদনা বা কষ্টবোৰ মৌনতাৰ অৱসান ঘটাই একে উশাহতে এই বাজনীৰ আগত প্রকাশ কৰিব পাৰা , কষ্টবোৰ ধুই পখালি নিব নোৱাৰিলেও স্বস্তিৰে নিশাহ পেলাব পাৰিবা। মনটো ফৰকাল হ’ব । সেইবুলি অনুৰাধা বাইদেউৱে কোৱাৰ দৰে, “পিয়াহ লাগিল বুলিয়েই যিকোনো পাত্ৰত পানী খাবানে…?” আৰু কেতিয়াবা, আনৰ বাকাঘাতত হিয়াখন ছিৰাছিৰ হৈ যায় ঠিকেই, মৰম আকলুৱা লোকক সহৃদয়ে ক্ষমা কৰাৰ উদাৰতাখিনি বৰ্তাই ৰাখো; তোমালোককো শিকাও যে সেইখিনিৰ মূল্য ৰাখিবা ।
গতিকে, আজিলৈ ইমানতেই সামৰিছোঁ, ভালে থাকা, নৈৰ দৰে বৈ থাকা । পিতৃ-মাতৃৰ শুশ্ৰূষাত কমি নাৰাখিবা।অভিমানৰ টোপোলাটো নিঃসংগ কৰি থৈ সহ্য কৰিব নোৱাৰাখিনি ভগাই ল’ব পাৰা, তোমাৰ প্রিয় বাইদেউৰ লগত।সৰাপাত নোহোৱালৈ মৰম আৰু সহাঁৰিৰ হাতখন সদায়ে আকাশখন হৈ থাকিব তোমালোক ওপৰত।নুবুজাবোৰ সুধিবাচোন কেতিয়াও আমনি নাপাওঁ তোমালোকৰ পৰা, কৰ্মব্যস্ততাৰ খাতিৰত উত্তৰলৈ কিছু পলম হ’লেও অধৈর্য্য নহ’বা। সদৌ শেষত তোমালৈ এসাগৰ ধন্যবাদ। চিৰকৃতজ্ঞ মই, নৈৰাশ্য জীৱনত অন্ধকাৰাচ্ছন্ন কোপৰ পৰা উজ্জ্বলতাৰ বাট দেখুওৱাৰ বারে তোমালৈ সীমাহীন মৰম। অন্তৰেৰে শলাগিছোঁ বেটা , নহ’লে যে অশলাগিৰ কীটে খুঁটি খুঁটি খাব চিৰদিন ! যিয়েই হওঁক, সপোনবোৰ হালধীয়া কৰা, ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰক, মাঘৰ বিহুত আটায়ে লগ পোৱাৰ বাঞ্ছাৰে আৰু ইংৰাজী নৱবৰ্ষৰ শুভকামনাৰে কলমৰ গতিক স্তব্ধ কৰিলোঁ।
ইতি
তোমাৰ প্ৰিয় বাইদেউ
প্ৰিয়ম, নগাঁও