নীলা খামৰ চিঠি
বুলমণি বৰি, লখিমপুৰ
মৰমৰ ৰাজীৱ,
যিদিনাই তোমাৰ নিৰ্ভিক আপোচবিহীন কণ্ঠতো শুনিছিলো সেইদিনাই তোমাৰ প্ৰেমত পৰিছিলো।লাহে লাহে শিপাই গৈছিলো তোমাৰ বুকুৰ আভ্যন্তৰলৈ। এজোপা বৰ গছৰ দৰে তোমাৰ প্ৰশস্ত দুবাহুৰ নিৰাপত্তা শিখৰত মই মতলীয়া যৌৱন আৰু ৰ’দৰ ঠিকনা বিচাৰিছিলোঁ । তোমাৰ সিক্ত আলিংগনত লাভ কৰিছিলোঁ চুড়ান্ত সীমা।
সেইদিনাওতো বাঁহৰ জালিকটা জলঙাৰে ৰ’দজাক সোমাই আহি জিলিকি পৰিছিল আমাৰ ঘৰখন। সন্ধিয়ালৈ নিৰ্মল আকাশখনত তৰাৰে তিৰবিৰাই আছিল যাক আমি ঘৰৰ মূধচেৰে দেখোঁ। ধুমুহাৰ আগজাননী মুঠেও নাছিল। তুমি ফিলবাৰীলৈ ওলাই গৈছিলা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আৰু ক্ষন্তেক সময়ৰ পাছতে সেই দুঃ সংবাদতো যে তুমি বিশাল জন সমুদ্ৰৰ মঞ্চতে ঢলি পৰিছা। যেতিয়া খবৰতো পাইছিলো মগজুৰ ভিতৰেদি যেন তীব্ৰ গতিত ট্ৰেইন এখন চলি গৈছে আৰু সেই ট্ৰেইনেৰে গৈ মই তোমাৰ কাষ পামগৈ। তুমি একেবাৰে নোহোৱা হোৱা খবৰতো এনে লাগিছিল কোনোবাই মোৰ বুকুত প্ৰকাণ্ড চুৰি এখন ভৰাই দিছে আৰু মই সংজ্ঞাহীন হৈ ঢলি পৰিছোঁ।
আজি তুমি নাই অথচ চৌপাশে তোমাৰ যশস্যা। চৌদিশে মাথোঁ তোমাৰেই স্বপ্ন নক্ষত্ৰ গান। তোমাৰ সৃষ্টি আজি জয় জয়কাৰ।এই বাৰ্তা কঢ়িয়াই নিবলৈ বতাহৰ শক্তি আছেনে?আছেনে দেৱদূত সকলৰ মাজত গোপন আদান প্ৰদানৰ ব্যৱস্থা। যদি আছে নিমাতে থাকি পৃথিৱীখন পৰিচালনা কৰা প্ৰকৃতিৰ বতাহে কঢ়িয়াই নিয়ক এই বাৰ্তা তোমাৰ ওচৰলৈ য’ত তুমি শান্তিৰে জিৰাব পাৰিবা।
অসমীয়া সমাজৰ বাবে তুমি তোমাৰ বুকুত গড় বান্ধিছিলা। ৰাজনীতিয়ে সমাজখন ভঙা দেখি , মানুহৰ মনবোৰ টকাই শুহা দেখি, দুৰ্গা দীপাৱলীয়ে কঙালীক চেপা দেখি, অসমীয়া জীয়ৰী বোৱাৰীয়ে দীঘ বাণী তৰি কাপোৰ ববলৈ বাদ দিয়া সমাজখন লৈ তুমি ভাবনাবিভূৰ হৈ থাকা।
আকৌ হাতত অস্ত্ৰ তুলি লোৱা বুকুৰ কুটুম, ক্ষমতাক লৈ বলীয়ান হোৱা বুকুৰ কুটুম,ৰাষ্টযন্ত্ৰৰ কাৰচাজিৰ বিৰুদ্ধে গুজৰাৰ বিনিময়ত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা বুকুৰ কুটুম, আঘোণৰ পকা ধান এৰি ৰাজপথলৈ ঢপলিয়াই যোৱা বুকুৰ কুটুম,এই সকলোবোৰ বুকুৰ কুটুমক লৈ তোমাৰ যে কিমান প্ৰশ্ন জাগিছিল মনত।প্ৰায়ে টোপনিৰ লগত সাক্ষাতেই নহয় তোমাৰ। উত্তৰহীন প্ৰশ্নবোৰে তোমাক থকা সৰকা কৰিছিল।হিংস্ৰ হৈ উঠিছিল টোপনিবিহীন ৰাতিবোৰ। হৃদয়ত পুঞ্জিভূত ক্ষোভবোৰ উজাৰি উজাৰি তোমাৰ আপোচবিহীন কণ্ঠত প্ৰাণ পায় উঠিছিল অসমীয়া সংস্কৃতিৰ কৰুণ আৰ্তনাদ। আৰু আজি টোপনিৰ সতে কৰা অঘোষিত যুদ্ধখনৰ তুমি একছত্ৰী সম্ৰাট। তোমাৰ অনুভৱৰ দলিচাত আজি জাতিয়ে বাগৰ সলাইছে। তোমাক মৰ্মে মৰ্মে অনুভৱ কৰিছে।
মৃত্যু অৱশ্যম্ভাৱী, এদিন আমি সকলোৱে এই শৰীৰ এৰিব লাগিব। পাৰ্থিৱ কাৰণতে পৃথিৱীৰ জীৱনৰ বিচ্ছেদ হবই লাগিব, আঁতৰি জীয়াই থাকিব লাগিব পৃথিৱীৰ উদ্দেশ্যত। কিন্তু আত্মা একেলগ হৈ প্ৰেমৰ হাতত নিৰাপদে থাকিম অনন্ত কাললৈ।
তোমাৰ জীৱনৰ শেষৰতো মেচেজ , তুমি গৃহমন্ত্ৰী। গৃহমন্ত্ৰী হিচাপে ঘৰখনৰ সমস্ত দায়িত্ব মোৰ হাতত অৰ্পন কৰি গৈছা। হাজাৰ বিপদ হাজাৰ প্ৰয়োজনতো তুমি উভতি নাহা সঁচা কিন্তু মানুহ হিচাপে জীয়াই থকাৰ সমল তুমি দি গৈছা। মাথোঁ নিষ্ঠুৰ বাস্তৱৰ সতে মুখামুখি হ’বলৈ শাৰীৰিকভাৱে আৰু মানসিকভাৱে সবল হৈ থাকিবলৈ শক্তি দিবা যেতিয়ালৈকে তোমাৰ কাষলৈ যাব পৰাকৈ ভগৱানৰ নিমন্ত্ৰণ নাহে।
ইতি
তোমাৰ দুৰ্ভগীয়া পত্নী
উপাসনা