নীলা আকাশৰ তলত
চিমী বৰুৱা, মৰিগাঁও, চৰাইবাঁহী
নীলা আকাশৰ তলত
মই থিয় হৈ থাকোঁ—
শব্দহীন এক অনুভৱ
মনৰ গভীৰত সৰি পৰে।
ডাৱৰৰ মাজেৰে
সূৰ্যৰ পোহৰ সৰকি আহে,
ঠিক যেন জীৱনৰ আশা
অন্ধকাৰৰ পাছতো হাঁহে।
বতাহে কাণে কাণে কিবা কয়,
পাতবোৰে নাচে
নিজৰ সুৰত,
প্ৰকৃতিয়ে যেন মোক শিকায়
নিঃশব্দত কেনেকৈ কথা ক’ব লাগে।
এই নীলা আকাশৰ তলতেই
মই মোৰ সপোনবোৰ মেলি দিওঁ,
ডাৱৰৰ সৈতে উৰি যাওঁ
আৰু নিজকে পুনৰ চিনি পাওঁ।
