নীলা আকাশৰ কলা ডাৱৰ
**********************
সুঠাম হৃদয়ৰূপী নীলা ৰঙ সানি
আনন্দত আত্মহাৰা হৈ
আপোন মনে হাঁহি আছিল তাই
অন্তৰৰ প্ৰতিটো নিপুণ ভাজত
লহপহ কৈ বাঢ়িছিল
হেজাৰ বিৰঙীন সপোনৰ কলি
ফুল ৰূপে পূৰ্ণতা পোৱাৰ আশা
তাইৰ সন্ধ্যাৰাগৰ প্ৰাৰ্থনাৰ
মন্ত্ৰৰ শব্দৰ ফাঁকে ফাঁকে
তাই খিলখিলকৈ হাঁহে
সেই তৰাৰ জিকমিকনিৰ দৰেই
কোনো অনুসূচনা নৰখাকৈ
কেতিয়াবা বতৰৰ পৰিস্থিতিত
আকাশখন ডাৱৰীয়া হৈ
বৰ্ষা বৰ্ষণ কৰে ধাৰাসাৰে
আকৌ হাঁহি হাঁহি জিলিকি উঠে
তৰাৰ লগত উমলে
লুকাভাকু খেলে জোনৰ সৈতে
জোনাকীৰ সৌন্দৰ্য্যত বিভুল হৈ
একেথিৰে ৰ লাগি চাই ৰয়
সমস্ত পৰিৱৰ্তনৰ সাক্ষী হয়
বতৰ সলাই , ঋতু আহে আৰু যায়
কলিয়ে পূৰ্ণতা পায় ফুল হৈ
সুবাস ছটিয়াই চৌদিশে
নাই তাইৰ সপোন আধৰুৱা
শূন্যতাই জীৱনৰ সংগী
পাপৰিৰ ভাজৰ কাঁইট বিন্ধাৰ
বিষৰ যন্ত্ৰণাত আজিও কাতৰ….
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা