নীলাবোৰ ভাল পাওঁ
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
তোমাক ভাল পাওঁ বাবে
নীলা বোৰ ভাল পোৱা নাছিলোঁ,
নীলা বোৰ ভাল পাওঁ বাবে
তোমাক ভাল পাইছিলোঁ।
চিপচিপীয়া বৰষুণ নীলা নাছিল
তথাপিও প্ৰিয়
তোমাৰ প্ৰেমৰ প্ৰতীক কবিতা আছিল
মোৰ উশাহে সেয়ে কবিতা বিচাৰিছিল ।
আজি তোমাৰ নাওঁ পুৰণি ঘাটত
যদিও পানীৰ ঢৌ উঠিছে
তথাপিও সলনি নকৰিবা,
পুৰণি স্মৃতিত জীয়াই থাকা
ঢৌ বোৰে এদিন আঁকোৱালি ল’ব ।
নীলা বোৰ আগতেও প্ৰিয়
আজিও প্ৰিয়
সেয়ে তোমাক নীলা ৰঙৰ
আকাশৰ মেঘত বিচাৰোঁ,
শাওণৰ বোকাত বিচাৰোঁ
ৰুৱনীৰ তামোলৰ বুলত বিচাৰোঁ
মোৰ উশাহত অনুভৱ কৰোঁ।
এই শুনা না….
তুমি আজিও ভাওনা কৰি
ভাল পোৱা নি ?
নে টোপনিত সোণ পাই
সাগৰত নীলা মুকুতা বিচৰা ?
নে আপঙৰ নিচাত
চাংঘৰত প্ৰেয়সী লগত
ৰাতিটো কটোৱা ?
কেতিয়াবা চাবলৈ মন যায়
আপঙৰ নিচা নীলা নে
সেই ৰাতিটো নীলা ।