নীলাখামৰ চিঠি – ৰিতু ভৰালী

নীলাখামৰ চিঠি

ৰিতু ভৰালী,যোৰহাট

প্ৰতি,

      তোমালৈ

শুনা,কথাষাৰ শুনাৰ পাছৰে পৰা মোৰ মনটো কিবা ভাল লাগি আছে-হেমচন্দ্ৰ খুড়াই হেনো মোৰ বাবে তোমাক পছন্দ কৰিছে।তুমি হেনো মোৰ বাবে উত্তম।খুড়াই কৈছে -“মই যিজনী চাইছোঁ নহয়,তোমাৰ পছন্দ হ’বই খাটাং।”তোমাক ওচৰৰ পৰা এপাক চাবলৈ বৰ মন গৈছে জানা।তুমি বা মোক পছন্দ কৰা বা নকৰা। মই তোমালোকৰ দৰে ধনী নহয়,মোৰ নাই বাইক আছে না গাড়ী। তুমি মাতিলেও মই তৎক্ষণাত যাব নোৱাৰোঁ অথবা তোমাক পাচত বহুৱাই ঘূৰাই ফুৰাবও মই নোৱাৰো।আনৰ দৰে ওখ জেপ মোৰ নাই-কে. এফ. চি.ৰ বাকৰিত সোমাই কলকাতা ট্ৰি অথবা আমেৰিকান ফুড খুৱাবলৈ।মোক ভাল লগাবৰ বাবে তুমি নালাগে পিন্ধিব হাফ ইঞ্চিৰ ইনাৰ আৰু হাফপেন্ট। সমাজখনে নিজক সন্মান কৰিব পৰাকৈ বাওঁহাতত দুপাত্তাখন এৰি আহিবা এটি মিঠা হাঁহিৰে,গীতত কোৱাৰ দৰে নালাগে দুচকুত আঁকিব কাজল,তুমি এনেও ধুনীয়া।পাৰিলে কপালত গুলপীয়া ফুটুক এটা আঁকি আহিবা, ন-জোনজনী যেন লাগিব তোমাক।লাহেকৈ আহিবা, দৌৰি-ঢাপৰি আহিব নালাগে।বিশ্বাস ৰাখা মই পলমিয়া বাটটো একেদৰেই বাট চাম তোমালৈ।সিদিনা খুড়াই কৈছিল তোমাৰ কথা। তুমি হেনো বি. এ.পাছ আৰু বহু কথা। বিয়াত বহিবৰ বাবে তোমাৰ পৰা মোক এই ডিগ্ৰী নালাগে। আমি গাঁৱলীয়া মানুহ।আমাৰ মনবোৰ গাঁৱৰ সেই আম, কঠাল,ঢেঁকীয়া,পয়টাভাতৰ দৰে। চোলাত লগা পচলাৰ দাগতকৈ নগৰৰ মানুহৰ গাত লগা দাগবোৰ কিন্তু বৰ বিষাক্ত। বাতৰিবোৰ খুলিবই নোৱাৰি। ল’ৰাবোৰ যিমান ভেজাল, ছোৱালীবোৰ যিমান ভেজাল,তাতকৈ বোৱাৰীবোৰ  বেছি ভেজাল ।আগতে কিন্তু সিমান ভয় নাছিল।ডেকাবোৰ ওলাই আহিছিল -‘ৰভাখন দিওঁ আহ ঐ ওলাই আহ।’

গাভৰুজাক ওলাই আহিছিল ‘আমডালি গাঁঠিছোঁ,দৰ্জামুখত আৰিছোঁ…’এইবোৰ সিহঁতৰ হাঁহিৰ উৰুলিত কইনাৰ দুচকু ভৰি পৰিছিল।জ্যেষ্ঠসকলৰ আশীৰ্বাদত আয়তীসকল পানীতোলা,মূৰত তেল দিয়া,গাঁথিয়ন খুন্দা হয়।”সমাজলৈ আহিবা, খালি হাতে নাহিবা”…পৰিয়ালৰ সদস্য নামত বিয়া নাম জুৰি লৈ মৰ্টন খোজা আদি কথাবোৰ মনত পৰিলে মোৰ আজিকালি বুকুখন বিষাই। পৰকীয়া প্ৰেমৰ আশাতেই কিজানি আজিকালি বোৱাৰীয়ে কপালত ৰঙাখিনি আঁকিবলৈ এৰিলে।আগতে আইতাই কোৱা শুনিছোঁ শিৰত দীঘলকৈ সেন্দুৰখিনি ল’লে হেনো গিৰিয়েকৰ আয়ুস বাঢ়ে।আজিকালি আয়ুস বঢ়োৱাৰ কথা ক’ত ভাবিবলৈ সময় হয়।বন্তি গছি জ্বলোৱাই আগে ভাবে চেল্ফিৰ কথা।মাথোঁ  শলিতা ডালত কাঠিটো মাৰি গুচি আহে। সময় আৰু পৰিস্থিতি আজিকালি একেবাৰেই সলনি হৈ গ’ল।ভয় লাগে জীৱনটোলৈ। কিযে ঘটনাবোৰ ঘটিছে, বৃদ্ধ পিতৃ-মাতৃ নিশাৰ ভিতৰতে বৃদ্ধাশ্ৰমত। আচলতে ভুল কাৰ?দুখ কাক দিব সমাজে? একোৱেই ক’ব নোৱাৰি কাকো। বহুতদিন ধৰি কথাবোৰ ক’ম ক’ম বুলি ভাবিয়েই আছিলোঁ।কিন্তু ক’বলৈ কাষত কোনোৱেই নাছিল।কিন্তু খুড়াৰ মুখত তোমাৰ কথা শুনাত তোমাক নিজৰ যেন লাগিল। আচলতে খুড়াক তোমাৰ নামটো সুধিবলৈ নহ’ল।মই অলপ লাজুকীয়া।তোমাৰ ৰংটো কেনেকুৱা জনাৰ প্ৰয়োজন নাই মোৰ।  তোমাৰ নামটো ক’বা।নক’লেও নালাগে।আজিৰ পৰা তোমাক মোৰ নামেৰে মাতিম -তুমি মোৰ ছদ্ম নাম।

বাৰু আজিলৈ এৰিছোঁ।চিঠিৰ উত্তৰ দিবা।তোমালৈ লিখা বহু চিঠি আজিও এনেই পৰি আছে ঠিকনা এটিৰ বাবে। এইবাৰ ঠিকনাটি পঠিয়াবা। অহা ফাগুন মাহৰ কোনোবা পূৰ্ণিমাত, মাহঁত যোৱাৰ কথা আছে।তামোল-পান নেলাগে পেলাব।একেবাৰে বিয়াৰ নিমন্ত্ৰনি পত্ৰখন দি আহিব পৰাকৈ।

লগৰবোৰে কামবোৰ ভগাই লৈছেই ইতিমধ্যে। এয়া শুনিছানে-বৌটিয়ে বিয়ানাম জুৰিলেই – উ-উ-উ…

ঠিক আছে এতিয়া,একেবাৰে হোমৰ স্থলিতে লগ পাম সিদিনা জীৱনৰ বাবে ।

ইতি-
তোমাৰ ছদ্ম নাম