নীলমণি ফুকন দেৱৰ স্মৃতি কবিতা অনুষ্ঠান

নীলমণি ফুকন দেৱৰ স্মৃতি কবিতা অনুষ্ঠান

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা-  নৱেম্বৰত ২০২৪  তাৰিখ বুধবাৰে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু  কবিতা গধূলি পোহৰৰ”উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ স্মৃতিত হৰিৎ প্ৰান্তৰত কবিতাৰ এবেলা”শীৰ্ষক মনোজ্ঞ  অনুষ্ঠানটো  অনুষ্ঠিত কৰা হয়  । উপস্থিত থাকে নীলমণি ফুকন দেৱৰ পুত্ৰ ডাঃ জ্যোৰ্তিময় ফুকন । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কবি নীলমণি ফুকন দেৱক শ্ৰদ্ধাঞ্জলী আৰু মাল্য অৰ্পন কৰে । বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০নীহাৰ ৰঞ্জন কলিতা মঞ্চত উপস্থিত থকাৰ উপৰিও আদৰণি আৰু সাৰুৱা ভাষণেৰে উপস্থিত থকা সকলোকে মোহিত কৰে| অনুষ্ঠানত সভাপতিৰ আসন শুৱনি কৰে সেই মহাবিদ্যালয়ৰ  অসমীয়া বিভাগৰ  মূৰব্বী অধ্যাপক দিলীপ কুমাৰ শৰ্মা আৰু অনুষ্ঠানৰ আতধৰে প্ৰাণজিৎ মহন্ত। উপাধ্যক্ষ ড০ যুগেশ চন্দ্ৰ দাস আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰদ্ধাৰ কবি সমালোচক আনিজ উজ জামান ,গৰয়সীৰ প্ৰাক্তন উপ সম্পাদক সাংবাদিক অংকুৰ ডেকা  ডাঙৰীয়া প্ৰমুখ্যে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ধ্ৰুৱ জ্যোতি মালাকৰ  আৰু বিভিন্ন গন্য মান্য ব্যক্তি। উক্ত  অনুষ্ঠান সেই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নীলমণি ফুকন কবিতা আবৃত্তি কৰে লগতে কবি  মলিন কলিতা ,চম্পক মালাকৰ,নীলিমা দাস ,যমুনা দুলু বৈশ্য,অনামিকা(সংগীতা)কলিতা ,ইলা ভৰালী,কুমাৰী কামদা বৈশ্য আৰু সাংবাদিক হৰিপ্ৰসাদ দাস   ইত্যাদি  কবি লেখক-লেখিকা সকলে স্ব- কবিতা পাঠ কৰে  । সভাত উপস্থিত প্ৰায়   আশী গৰাকীমান ছাত্ৰ/ছাত্ৰ-ছাত্ৰী, লেখক-লেখিকা,সাংবাদিক উপস্থিত থাকে ।  বিশিষ্ট ব্যক্তি সকলে তেওঁলোকৰ ভাষণত  নীলমণি ফুকনৰ কবিতাৰ ওপৰত নিজৰ অনুভৱ দাঙি ধৰে লগতে বৰ্তমান  সাহিত্যৰ ক্ষেত্ৰত  নতুন লেখক সকলৰ যি অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে তাক ভূয়সী প্ৰশংসা কৰাৰ লগতে সাহিত্যৰ ক্ষেত্ৰত  নতুন লেখক লেখিকাৰ উদ্দেশ্যে ইতিবাচক দিশ সমূহ আলোকপাত কৰি  সভাখন মনোগ্ৰাহী কৰি তোলে।  সভাৰ শেষত আটাইলৈ শলাগৰ শৰাই আগবঢ়াই অসমীয়া বিভাগৰ  সহকাৰী অধ্যাপক অতুল চন্দ্ৰ দাস   । সদৌ শেষত ইংৰাজী বিভাগৰ সহকাৰী  অধ্যাপক অনিমা বৈশ্যৰ সহযোগিতাত  জাতীয় সংগীতেৰে সভাৰ সমাপ্ত হয়।