নীলমণি ফুকন ছাৰৰ বিষয়ে একলম – মুন শৰ্মা

“নীলমণি ফুকন ছাৰৰ বিষয়ে একলম”
নীলমণি ফুকন ছাৰ গ’লগৈ, লগে লগে উকা হৈ পৰিল এটি‌ স্থান আৰু অন্ত পৰিল এটি‌ যুগ।  গোলাঘাটৰ দেৰগাঁৱত জন্ম গ্ৰহন কৰা  এই জনা  মহান সাহিত্যিকে ১৯৫০ চনৰ পৰা কবিতা লিখিবলৈ  আৰম্ভ কৰি  একাধিক বাৰ ৰাষ্ট্ৰীয়  পৰ্যায়ৰ পৰা অসমলৈ গৌৰব কঢ়িয়াই  অনা  আমাৰ গৌৰৱৰ কবি হোৱাৰ উপৰিও এজন কলা সমালোচক আৰু অধ্যাপক।
   ” গোলাপী জামুৰ লগ্ন” ৰচক ৰূপে বিখ্যাত তেওঁ ২০২১চনত ভাৰতৰ‌ সকলোতকৈ সৰ্ব্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বটা পোৱাৰ আগেই ১৯৮১ চনত সাহিত্য অকাডেমি বটা,১৯৯০চনত পদ্মশ্ৰী সন্মান,১৯৯১চনত ছগনলাল জৈন বঁটা‌,২০০২চনত সাহিত্য অকাডেমি ফে’ল সন্মান লাভ কৰিছিল।
 একাধিক গন্থ ৰচনাৰে  বিশেষ  ভাবে কবিতা পুথিৰে  অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি অসমীয়া সাহিত্য জগতৰ সুকীয়া আসন দখল কৰা তেখেতৰ কবিতা গন্থ সমূহ হ’ল সূৰ্য হেনো  নামি আহে এই নদীয়েদি(১৯৬৩),জাপানী কবিতা (১৯৭১),কাইট গোলাপ আৰু কাইট(১৯৭৫) গোলাপী জামুৰ লগ্ন(১৯৭৭), চীনা কবিতা (১৯৯৬),অলপ আগতে আমি কি কথা‌ পাতিছিলো(২০০৩) আদি। যাৰ জৰিয়তেই এছোৱা সময় গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কাব্যপ্ৰেমীক কবিতাৰ মায়াজালত বন্দী ৰাখি উপাধি পাইছিল কাব্যঋষি।
                মুন শৰ্মা, লখিমপুৰ