নীলমণি ফুকনৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সাহিত্যৰ সৰ্বোত্তম স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট কবি, অসম সাহিত্য সভাৰ “জাতীয় কবি“ অভিধাৰে সন্মানিত, সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা পদ্মশ্ৰী নীলমণি ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই ৷ এক সংবাদ বিজ্ঞপ্তিত সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই নীলমণি ফুকনৰ মৃত্যু ভাৰতীয় সাহিত্য জগত আৰু ৰাজ্যখনৰ সমাজ জীৱনৰ বিস্তৰ ক্ষতি হোৱা বুলি অভিহিত কৰে ৷ বিজ্ঞপ্তিটোত সভাৰ সভাপতি-প্ৰধান সম্পাদকে মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷ ইফালে আজি অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, দেৱেন্দ্ৰনাথ বসুমতাৰী, দেৱজিৎ বৰা, অনুপ তালুকদাৰসহ এটি সঁজাতি দলে “জাতীয় কবি“ নীলমণি ফুকনৰ মৃতদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷