নীতি-নির্দেশনা উলংঘাৰে অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী

নীতি-নির্দেশনা উলংঘাৰে অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পৌৰ নিগমৰ নীতি-নির্দেশনা উলংঘা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই মহানগৰীৰ বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে। জিএমচি কর্তৃপক্ষই মুকলিকৈ অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰি অহা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছে। অৱশ্যে মাজে-সময়ে নিয়মমাফিক অভিযান চলায়ে দায়িত্ব সামৰিছে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীয়ে। কেৱল মুনাফা লাভৰ স্বাৰ্থত নীতি-নির্দেশনা উলংঘা কৰি বৈধ অনুজ্ঞাপত্র অবিহনে একাংশ ব্যৱসায়ীয়ে মাছ-মাংস বিক্ৰী কৰি আহিছে। গুৱাহাটী পৌৰ নিগমে ২০২১ চনৰ আগষ্ট মাহত ৰাজহুৱা স্থানত মাছ-মাংস মুকলিকৈ প্রদর্শন আৰু মৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ উপৰি নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে মাছ- মাংস, হাঁহ-কুকুৰা অথবা আমদানিকৃত মাংস জিএমচিৰ বৈধ অনুজ্ঞাপত্র অবিহনে বিক্ৰী কৰিব নোৱাৰিব। বিশেষকৈ মাংস বিক্রেতাসকলে দৃষ্টিকটুভাবে মাংস ওলমাই ৰাখিব নোৱাৰিব। পৌৰ নিগমৰ কঠোৰ নিৰ্দেশনাৰ পিছতো মহানগৰীৰ বিভিন্ন স্থানৰ বজাৰত মুকলিকৈ মাছ-মাংস বিক্ৰী কৰি আহিছে ব্যৱসায়ীসকলে। গুৱাহাটী মহানগৰীৰ ব্যৱসায়ীসকলে শ্লটাৰ হাউছত কটা ছাগলীৰ মাংসহে বিক্ৰী কৰাটো বাধ্যতামূলক। ইয়াৰ বিপৰীতে মহানগৰীৰ উলুবাৰী, ৰিহাবাৰী, উজান বজাৰ, মালিগাঁও, হাতীগাঁও, বেলতলা, বামুণীমৈদাম, খানাপাৰা, লখৰা, গড়চুক আদিকে ধৰি বিভিন্ন স্থানত ব্যৱসায়ীসকলে নিজে ছাগলী মাৰি বিক্ৰী কৰি আহিছে। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিএমচিয়ে শ্লটাৰ হাউছত কটা মাংস বিক্রী কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু ব্যৱসায়ীসকলে মুনাফা লাভৰ স্বাৰ্থত দৃষ্টিকটুভাৱে ৰাজহুৱা স্থানত ছাগলী মাৰি বিক্ৰী কৰি আহিছে। গুৱাহাটী পৌৰ নিগম আইন ১৯৭১ৰ ২৯৯(iv) ধাৰা অনুসৰি ৰাজহুৱাভাৱে জীৱ-জন্তু বধ কৰাটো নিষিদ্ধ। এনে লোক অধবা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে পৌৰ নিগম কর্তৃপক্ষই। কিন্তু জিএমচিৰ বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ সুযোগ লৈ ব্যৱসায়ীসকলে বেহা চলাই আহিছে। গুৱাহাটী পথ আৰু পদপথৰ ওপৰত বৈধ ব্যৱসায়িক অনুজ্ঞাপত্ৰ নোহোৱাকৈ ব্যৱসায়ীসকলে বেহা চলাই অহাৰ বাবে পৌৰ নিগমে হেৰুৱাবলগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ। জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অস্বাস্থ্যকৰ পৰিৱেশত মাছ-মাংস বিক্ৰী কৰি অহা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে পৌৰ নিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।