নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পার্টীৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নিযুক্তি। বিহাৰ চৰকাৰৰ কেবিনেট মন্ত্রী নীতিন নবীনক দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । বিজেপি সংসদীয় ব’ৰ্ডে দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰ বাবে নীতিন নবীনক অনুমোদন জনায় । এক জাননীযোগে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কয়, ‘তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে বিহাৰ চৰকাৰৰ এগৰাকী মন্ত্রী নীতিন নবীনক ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় ব’র্ডে নিযুক্তি প্রদান কৰে।’বৰ্তমান বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকালৰ অন্ত পৰিল । তেওঁৰ উত্তৰাধিকাৰীক লৈ দলটোৱে দীৰ্ঘদিন ধৰি আলোচনা কৰি আহিছিল । এতিয়া দলৰ শীৰ্ষ নেতৃত্বই নীতিন নবীনক ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠনটোৰ নেতৃত্ব দিবলৈ নিযুক্তি দিছে ।প্ৰয়াত বিজেপি নেতা নবীন কিশোৰ সিনহাৰ পুত্ৰ নীতিন নবীন। মাত্ৰ ৪৫বছৰ বয়সতে গধূৰ দায়িত্ৱ লাভ কৰিলে নীতিন নবীনে। ২০০৬ত উপ-নিৰ্বাচনৰ জৰিয়তে প্ৰথমবাৰলৈ নিৰ্বাচনী ৰাজনীতিত খোজ পেলাইছিল নীতিন নবীনে।বিহাৰ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ৱতো আছিল নীতিন নবীন। ২০১৬চনৰ পৰা ২০১৯চনলৈ যুৱ মৰ্চাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নীতিন নবীনে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকো আছিল নীতিন নবীন। ছত্তিশগড়ৰ লগতে ছিকিমৰো প্ৰভাৰীৰ দায়িত্ৱত আছিল নীতিন নবীন। পঞ্চমবাৰৰ বাবে পাটনাৰ বাংকিপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০০৬ চনৰ উপ-নিৰ্বাচনত তেওঁ প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছিল । ২০১০, ২০১৫, ২০২০, আৰু ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল । নৱেম্বৰ বিধানসভা নিৰ্বাচনত তেওঁ ৯৮,২৯৯ টা ভোট লাভ কৰি আৰজেডিৰ প্ৰাৰ্থী ৰেখা কুমাৰীক ৫১,৯৩৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । আজিলৈকে এইটোৱেই হৈছে নীতিন নবীনৰ সৰ্ববৃহৎ জয় । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নীতিন নবীন ক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনায় । তেওঁ কয় যে নীতিন নবীন এগৰাকী অতি পৰিশ্ৰমী কাৰ্যকৰ্তা। সাংগঠনিক অভিজ্ঞতাৰে পৰিপুষ্ট নীতিন নবীন। বিহাৰত এগৰাকী বিধায়ক আৰু মন্ত্ৰীৰূপে সেৱা আগবঢ়াই আহিছে। তেওঁৰ শক্তি আৰু নিষ্ঠাই আগন্তুক সময়ত দলটোক শক্তিশালী কৰি তুলিব । তেওঁক ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হোৱাৰ শুভেচ্ছা জনালো।
