নীট পৰীক্ষাত উজ্জ্বলিল ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ সুকন্যা গায়ন 

নীট পৰীক্ষাত উজ্জ্বলিল ডিব্ৰুগড় নতুন নিৰ্মালী গাঁৱৰ সুকন্যা গায়ন 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত নীট (NEET) পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল নতুন নিৰ্মালী গাঁৱৰ প্ৰয়াত হেমচন্দ্ৰ গায়ন আৰু হিৰণ্য গায়নৰ কণ্যা  মেধাবী ছাত্ৰী সুকন্যা গায়ন। কৃতী ছাত্রী গায়নে সৰ্ব ভাৰতীয় ‘নীট'(NEET) পৰীক্ষাত ৯৬.৬ শতাংশ আৰু ‘জিইই’ত -৯০.৬ শতাংশ নম্বৰ  লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ১৪ জুন’ৰ  নীট পৰীক্ষাৰ ফলাফল লাভ কৰি কৃতী ছাত্ৰীগৰাকীৰ লগতে  মাতৃ ও পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে। ভৱিষ্যতে এজন সু- চিকিৎসক হোৱাৰ সপোন পুহি ৰখা মেধাৱী ছাত্রী সুকন্যাৰ পিতৃৰ অলপতে মৃত্যু হৈছিল। পিতৃ বিয়োগৰ  পিছতো হাৰ নামানি শিক্ষাৰ ক্ষেত্ৰত  সেইয়া যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে সুকন্যাই। দীর্ঘ দিন ধৰি একাণপতিয়াকৈ দৈনিক ৫ ৰ পৰা ৬ ঘন্টা পর্যন্ত পঢ়াশুনাতে আত্মনিয়োগ কৰি থাকি মনৰ দৃঢ়তা আৰু একাগ্রতাক মূলধন হিচাবে লৈ পুনৰ নীট (NEET) পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা পাবলৈ সক্ষম হ’ল। ছাত্ৰীগৰাকীৰ এই সফলতাত অঞ্চলটোৰ লগতে পৰিয়াল তথা শুভাকাংক্ষীয়ে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনাইছে।