‘নীট’ দুর্নীতিত গ্ৰেপ্তাৰ হোৱা লোকৰ পৰা ৯ কোটিৰ বেংক চেক জব্দ

‘নীট’ দুর্নীতিত গ্ৰেপ্তাৰ হোৱা লোকৰ পৰা ৯ কোটিৰ বেংক চেক জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘নীট’ পৰীক্ষাত হোৱা দুর্নীতিৰ অভিযোগত গুজৰাটৰ পৰা পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা এই পাঁচ অভিযুক্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৯ কোটি টকাৰ বেংক চেক। ইয়াৰ উপৰি আৰক্ষীয়ে তদন্ত চলাই এটা পেনড্রাইভো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গুজৰাটৰ গোত্ৰাৰ মূল অভিযুক্ত তুছাৰ ভাটৰ গাড়ীত আৰক্ষীয়ে ৭ লাখ টকা পোৱাৰ উপৰি ক’চিং চেণ্টাৰৰ সঞ্চালক পৰশুৰাম ৰয়ৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২.৫০ কোটি টকাৰ চেক। এই ধন ‘নীট’ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থীয়ে উৎকোচ হিচাপে দিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে । ইয়াৰপূর্বে ১৬ গৰাকী শিক্ষার্থীয়ে পৰশুৰাম ৰয়ক ‘নীট’ পৰীক্ষাৰ ‘এনছাৰ শ্বীট’ পাবলৈ ১০ লাখ টকা আদায় দিছিল বুলি এক প্রতিবেদনত প্রকাশ পাইছিল।