নিৰৱধি যাত্ৰা – আয়নাল হক

নিৰৱধি যাত্ৰা
আয়নাল হক,ধুবুৰী 
সাগৰ হোৱাৰ বাবেই
নদীৰ আছে তোমালৈ ইমান প্ৰেম।
কোৱাচোন–
নদীৰ এই নিৰৱধি যাত্ৰাক
তুমি বাধা দিব জানো পাৰিবা ?
গভীৰতা কিমান আছে নিজৰ
অনুভৱ কৰানে কেতিয়াবা ?
সুগভীৰ হোৱাৰ বাবেই
নদীয়ে বিচাৰে তোমাৰ ঠিকনা।
তোমাৰ নীলাভ বক্ষত
মানিক বুটলিবলৈকে
আৰম্ভ কৰিছোঁ মোৰ অনন্ত যাত্ৰা।
নকৰিবা ভয়
মোহিনী হৈ নকৰোঁ
তোমাৰ বক্ষত প্ৰাপ্ত অমৃত
বিতৰণৰ প্ৰেমিক চালনা।
নাই কোনো অভিপ্ৰায়
তোমাৰ বুকুত প্ৰতিপন্ন কৰাৰ
শ্ৰেষ্ঠত্ব নিজৰ।
মাথোঁ বাসনা মোৰ
তোমাতেই বিলীন হোৱাৰ…।