নিৰ্লজ্জ হ’ব খোজোঁ – আয়শা ছিদ্দিকা

নিৰ্লজ্জ হ’ব খোজোঁ 

 আয়শা ছিদ্দিকা (আছৰি) 
বাংলিপাৰা,বৰপেটা

মই নির্লজ্জ হ’ব খোজোঁ
বৰষুণৰ টোপালৰ দৰেই
ই যেনেকৈ আকাশৰ বুকু উদং কৰি
প্ৰকৃতিৰ কোমল  দেহৰ
প্ৰতিটো ভাঁজ স্পৰ্শ কৰি কৰি
পৃথিৱীক আলিংগন কৰি
উন্মাদ হৈ চুমেহি দক্ষ প্ৰেমিক হৈ
বুকু ভেদি মৃদু স্ৰোত বোৱাই
নদীৰ বুকু উপচাই
নতুন লীলা ৰচে নিয়ন্ত্ৰণ হেৰাই
স্পৰ্শ কৰে নদীৰ কোমল আচলত
সযত্নে লুকুৱাই ৰখা চিকচিকীয়া বালি ৰাশি ..
মই নিৰ্লজ্জ হ’ব খোজোঁ
বতাহৰ ছেওৰ দৰেই
যাৰ নিৰ্লপ্ত স্পৰ্শত দিশ নাপায়
নিজৰ অস্তিত্ব হেৰুৱাই
প্ৰতিটো উষ্ক শুকান পাতগছিয়ে
সুৰৰ ঝংকাৰ তুলি নাচি উঠে
আৰু ক্লান্ত হৈ লুটিয়াই পৰে ধূলিত
প্ৰতিটো স্থিৰ গছ পালাই
কুলষিত হৈও দিক বিদিক ছুটে
মই নির্লজ্জ হ’ব বিচাৰোঁ
সুদৰ্শন সুবিসাল আকাশখনৰ দৰেই
সকলো আৰ্তনাদ, হুংকাৰ
যন্ত্ৰণা, পাশবিক মানবিক নিৰ্যাতনৰ
নিৰ্জন সাক্ষী হৈ ৰৈ থাকিম
কোনো অনুসুচনা নাই কোনো অভিযোগ নাই
নাই কোনো আবেগ অনুভূতি
যেন যুগৰ যুগান্তৰৰ শত শত
আত্মচিৎকাৰৰ নীৰৱ সাক্ষী ….