নিৰ্মাণ শ্ৰমিকৰ হিতলাভ আদায়ৰ দাবীত প্ৰতিবাদ

নিৰ্মাণ শ্ৰমিকৰ হিতলাভ আদায়ৰ দাবীত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  নিৰ্মাণ শ্ৰমিকৰ হিতলাভ আদায়ৰ দাবীত উলুবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে৷কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক কুমুদ শৰ্মাই কয়- নিৰ্মাণ শ্ৰমিকৰ আইনী হিতলাভবোৰৰ ধনৰ পৰিমাণ ২০১৭ চনতে নিৰ্ধাৰণ কৰা হৈছিল৷বৰ্তমান ৬ বছৰ হৈ গ’ল৷এই সময়ছোৱাত সকলো বস্তুৰ কেইবাগুণ দাম বৃদ্ধি হৈছে৷হিতলাভৰ পৰিমাণো বৃদ্ধি কৰাৰো প্ৰয়োজন হৈছে৷তাৰ বাবে অসমৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলে হিতলাভৰ শিতানসমূহত ধনৰ পৰিমাণ বৃদ্ধি কৰাটো বিচাৰো৷আজি অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ শৰ্মাই কয়-আনহাতে কামৰূপ মহানগৰ আৰু দক্ষিণ কামৰূপৰ ছয়গাঁওত থকা শ্ৰম কাৰ্যালয়ত শেহতীয়াভাৱে নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ কোনো কৰ্মচাৰী নথকাত নিৰ্মাণ শ্ৰমিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে৷সেয়ে উক্ত কাৰ্যালয়ত শীঘ্ৰে বিশেষ কৰ্মচাৰী নিযুক্ত কৰি পৰিষদৰ কাম কাজ খৰতকীয়া কৰা প্ৰয়োজন৷একেদৰে কোনো অজুহাত নাৰাখি অতি শীঘ্ৰে নিৰ্মাণ শ্ৰমিকসকলে পাবলৈ বাকী থকা বকেয়া হিতলাভবোৰ আদায় দিয়া আৰু পেঞ্চনধাৰী নিৰ্মাণ শ্ৰমিকসকলক পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ দাবী জনালোঁ৷