নিৰ্বাসিত ৰ’দ- পুলিন ডেকা

Pc wallpaper safari

নিৰ্বাসিত ৰ’দ

— পুলিন ডেকা

এথোপা নৈঃশব্দই গঢ়া মৃত চকুলোত
উৱলি উঠিল জোনাকী সুবাস
স্তব্ধতাৰ নিৰ্বাসিত ৰ’দত
জিলিকি আছে মাথো আচ্ছাদিত বৰফৰ টুকুৰা
গান গোৱা চৰাইজনী আজিও আহিছে
বিষাদৰ আকাল সন্ধ্যা
নিথৰতাৰ বিস্মিত খোজ লৈ
বালিত পোত গৈ থকা এন্ধাৰৰ
সপোন ভাঙিছে
শূন্যতাৰ সেই অমোঘ ছাঁত
মই ৰৈ আছো এটা চিঞৰৰ অপেক্ষাত
সকলো উজ্জ্বলতাই এতিয়া অঘৰী আত্মা
নীলিম শৈশৱৰ ভগ্ন দুৱাৰ
শিলৰ কঁপনিত অশৰীৰী ধপধপনি
তাতেই খেপিয়াই আছে এজাক চিলনীয়ে
সকৰুণ হাঁহিত ছিৰাল ফাট দিছে
প্ৰান্তৰৰ এখন অনুভৱী নৈ
যাৰ কেঁচা তেজত বৰণীয়া হৈছিল
নগ্ন জলাশয়ৰ প্ৰতিটো পুৱা
ডালত ওলমি থকা সাধুবোৰ শুনিবলৈও
কোনো শ্রোতা নাই
মাথোঁ ছাটিফুটি আছে
অনিদ্ৰাত জলমল কৰা এহাল চকু ।