নিৰ্বাপিত হ’ল অসমীয়া কবিতাৰ এটি বৰ্ণময় সত্তা – নাছিৰ আহমেদ

নিৰ্বাপিত হ’ল অসমীয়া কবিতাৰ এটি বৰ্ণময় সত্তা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

ৰামধেনু যুগৰ সুকবি ৰবীন্দ্ৰ বৰাই ১৯৩৯ চনৰ ২৫ ফ্ৰেব্ৰুৱাৰীত , তিনিচুকীয়াত জন্ম গ্ৰহণ কৰি সুদীৰ্ঘ ষাঠি বছৰ ধৰি অসমীয়া ভাষা সাহিত্যক সাম্প্ৰতিক যুগৰ কাব্যশৈলী আৰু জাতীয়তাবাদী ভাৱধাৰাৰ ওপৰত ভিত্তি কৰি আন্তৰ্জাতিক ভাৱধাৰাৰে সৃষ্টিৰ পথাৰখনত আধুনিক বীজ ৰোপণ কৰি অনুজ কবি-লেখকৰ প্ৰেৰণাৰ অমল উৎস হৈ আধুনিক অসমীয়া কবিতা,গল্প আৰু উপন্যাসক সমৃদ্ধিশালী কৰি যোৱা ১১/০৮/২০২৪ দেওবাৰে বিয়লি ২.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত তেখেতে অসমীয়া সাহিত্য জগতখন শূন্য কৰি সকলোকে কন্দুৱাই স্বৰ্গধামলৈ প্ৰস্থান কৰিলে।

কবিতাৰ মাধ্যমেৰে মানুহৰ হৃদয়-তন্ত্ৰীত আনন্দ আৰু বেদনাৰ সঞ্চাৰ কৰি মানুহৰ বুকুত চিৰ সেউজীয়া হৈ থকা কবিজনেই হৈছে ৰবীন্দ্ৰ বৰা। কেৱল সেয়ে নহয়, তেখেতৰ কবিতাসমূহত সমাজৰ চেতনাবোধ জাগ্ৰত হৈ আছে। কবি গৰাকীৰ সৃষ্টি আৰু দৃষ্টিয়ে ছটা দশক ধৰি অসমৰ কাব্য পিয়াসী অনুৰাগীক মুগ্ধ কৰি ৰাখিছে। সাম্প্ৰতিক যুগৰ অসমীয়া কবিতাৰ ঐতিহ্যক চিৰ যুগমীয়া কৰা বৰেণ্য কবি ৰবীন্দ্ৰ বৰাই অসমীয়া কবিতাৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

তেওঁ সৰ্বমুঠ চৌধ্যখন কাব্য সংকলন , চাৰিখন গল্প সংকলন আৰু এখন উপন্যাসেৰে সৈতে মহামূল্যবান গ্ৰন্থ ৰচনা কৰি গৈছে।কবিতা পুথি সমূহ হ’ল, কমাৰশালৰ বৃদ্ধজন, নিৰ্বাসিত সময়, শইচৰ মানুহ, অকলশৰীয়া ভয়, উত্তৰ প্ৰজন্ম, ৰাতি ভাঙি আহে, ক’ৰবাত ৰ’দৰ গান, মই পৰ্যটক (প্ৰকাশৰ পথত) সাহচৰ্য, ৰ’দৰ চৰাই, দীৰ্ঘদিনৰ প্ৰস্তুতিৰে আৰু তেখেতৰ গল্প সংকলন চাৰিখন হ’ল আলিদোমোজাত, পূৰ্বাপৰ, অকলশৰীয়া ভয় আৰু আকাশ য’ত হেৰালে । তেখেতৰ একমাত্ৰ উপন্যাস হ’ল ” দ্ৰৌপদী” ( ৰচনা কাল ১৯৯৬) বৰেণ্য কবি ৰবীন্দ্ৰ বৰা আধুনিক কবিতা সমালোচনাৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তেখেতে কবিতা সমালোচনা কৰোঁতে বিভিন্ন আধুনিক সমালোচনাৰ ধাৰা প্ৰয়োগ কৰি গঠন মূলক ভাবে সমালোচনা কৰিছিল। বিশেষকৈ তৰুণ বা অনুজ কবিসকলৰ কবিতাসমূহ তন্ন তন্নকৈ সমালোচনা কৰি কবিতা সৃষ্টিৰ বাটকটীয়া ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। তেখেতে সমালোচনা কৰা কবিতাসমূহ একত্ৰিত কৰি ” অসম সাহিত্য সভাই ” সাম্প্ৰতিক তৰুণৰ কবিতা ” নামেৰে তেখেতৰ সম্পাদনাত প্ৰকাশ কৰিছিল।

কিন্তু, মূলতঃ ৰবীন্দ্ৰ বৰা আছিল এজন মনে প্ৰাণে কবি। তেখেতৰ প্ৰতিটো কবিতাত সুন্দৰ শব্দ-চয়নৰ প্ৰয়োগ, বাক্যৰ চমৎকাৰিত্ব আৰু সাম্প্ৰতিক যুগৰ স্বকীয় কাব্যশৈলী, যেনে –মুক্তক ছন্দ,স্পন্দিত গদ্য, ন ন উপমা, প্ৰতীক আৰু চিত্ৰকল্পৰ উপস্থাপন, জাপানী কবিতা হাইকুৰ সুন্দৰ নিদৰ্শন, ধৰ্মীয় মিথৰ সুপ্ৰয়োগ ইত্যাদি সকলো হাতত ধৰা ধৰি কৰি উজ্জীৱিত হৈ একো একোটা কবিতা ৰসময় সৃষ্টিৰ ধাৰক আৰু বাহক হৈ পৰিছে। তেখেতে যেতিয়া লিখে —

” কিছুমান নীৰৱ যন্ত্ৰণাৰ দহনত
মোৰ হৃদয়খন নিতৌ তাম বৰণীয়া হয়। ”
চিত্ৰকল্প আৰু প্ৰতীকক চুম্বকীয় প্ৰয়োগ!

এক অপ্ৰকাশ্য দহন ; যিয়ে কবিৰ হৃদয়ৰ গোপন কোণত যেন দপদপকৈ জ্বলি থকাৰ উমান পোৱা গ’ল। যাৰ ফলত কবিৰ দহনত হৃদয়খন একেবাৰে তামবৰণীয়া অৰ্থাৎ ৰংহীন নিৰ্জীৱ হৈ পৰিছে। হৃদয়ৰ বেদনাক প্ৰকাশ কৰাৰ কি শক্তিশালী ভাৱাবেগ!
“কবিৰ শব্দবোৰৰ নখৰ আঁচোৰ” কবিতাটিত কবি ৰবীন্দ্ৰ বৰাই কোমল কোমল শব্দৰে ফুলৰ মালা গাঁথি বুকুৰ মাজেৰে বৈ থকা যন্ত্ৰণা প্ৰতিফলিত হৈছে।

” পলসৰ পৰা গজি উঠা
কিছুমান অশ্ৰুত শব্দৰ বুকুত
গুঁজৰি গুমৰি আছে
এজাক পছোৱা বতাহ
এখন উত্তাল নৈ।”

কবিৰ হৃদয়ৰ পলসুৱা পথাৰত যেন গজি উঠিছে কিছুমান অশ্ৰুসিক্ত শব্দ ; যিয়ে গুঁজৰি গুমৰি প্ৰৱাহিত হৈছে এজাক পছোৱা বতাহ আৰু এখন উত্তাল নৈ। এই কবিতা শাৰীৰ মাজত এখন ধুনীয়া চিত্ৰকল্পৰ উপস্থাপন হৈছে।অন্তৰৰ অন্তঃস্থলীৰ পৰা নিগৰি নিগৰি ওলোৱা যেন এটি বাংময় কৰুণ যন্ত্ৰণাৰ প্ৰতিচ্ছবি !

” দুখৰ দিনৰ কঠিন শব্দবোৰ”
কবিতাটিত দুখৰ দিনৰ শব্দবোৰৰ এটি তীক্ষ্ণ ৰূপে ফুটি উঠিছে।
” যন্ত্ৰণাৰ কৰতেৰে কাটি চিঙি পেলোৱা
বিক্ষিপ্ত চেতনাত
যেতিয়া জুই জ্বলে দপদপকৈ
আৰু সমগ্ৰ সত্তাৰ সিৰা উপসিৰাইদি
বৈ যায় তেজৰ উষ্ণ ধাৰ ।”

সাম্প্ৰতিক যুগৰ কাব্যিক চেতনাৰে সমৃদ্ধ কবিৰ কবিতাৰ প্ৰতিটো শাৰীত মুক্তক ছন্দ আৰু স্পন্দিত গদ্যৰ এক অনুপম প্ৰয়োগ হৈছে উপৰুক্ত কবিতাটিৰ শাৰী কেইটাত। গভীৰ যন্ত্ৰণাবোধে যেন বিশালকায় গা-গছক কৰতেৰে ৰেপি ৰেপি কাটি চিঙি টুকুৰা টুকুৰ কৰাৰ দৰে কবিৰ হৃদয়ৰ অন্তঃস্থলীৰ পৰা উদ্গীৰণ হোৱা বিক্ষিপ্ত আৰু উদভ্ৰান্ত চেতনাবোধে যেন দপদপকৈ জ্বলি জ্বলি কবিৰ মন-প্ৰাণ – আত্মা তথা সমগ্ৰ সত্তাৰ সিৰা উপসিৰাইদি প্ৰৱাহিত হৈছে তেজৰ উষ্ণ ধাৰ —– হৃদয়ৰ যন্ত্ৰণাবোধক ইয়াতকৈ আৰু কোনো শক্তিশালী শব্দৰ ব্যঞ্জনাৰে সাৱলীলভাৱে উপস্থাপন কৰা অসম্ভৱ। মানৱতাবাদৰ জয়গান গোৱা কবিৰ কবিতা যেন স্বতঃস্ফূৰ্ত ফল্গুধাৰাৰ দৰে বৈ যায় চিৰ প্ৰৱহমান লুইতৰ দৰে। অসমীয়া ভাষাত পৰা কোমল কোমল শব্দৰে কবিয়ে প্ৰত্যেকটি কবিতাত স্বকীয় বৈশিষ্ট্যৰে প্ৰতীক,উপমা আৰু চিত্ৰকল্পৰ উপস্থাপনৰ মাধ্যমত অসমীয়া স্বাভিমানক অতি আকৰ্ষণীয় ভাবে ফুটাই তুলিছে। ৰবীন্দ্ৰ বৰাৰ ইংৰাজী অনুদিত এটি কবিতাতো বিশ্বমানৰ ধ্যান ধাৰণা সুন্দৰকৈ ফুটি উঠিছে। কবিতাটি হ’ল

” At the end of everything
There’s beginning
At this very beginning
The river of sorrow
Deposits silt
On either shore of my heart

When the green valley
embraces tenderly
the dismal hues of seasons.
I listen intently
to the humming of the winds.

This is the reminiscence
of my past
Or the growling.

হৃদয়ত উদ্গীৰণ হোৱা তীব্ৰ মানসিক যন্ত্ৰণাক চিত্ৰকল্পৰ জৰিয়তে জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে ৰামধেনু যুগৰ শ্ৰেষ্ঠ কবি ৰবীন্দ্ৰ বৰাই।

সেয়ে বৰেণ্য কবি ৰবীন্দ্ৰ বৰাৰ কবিতাসমূহ যুগ-যুগান্তৰলৈকে অসমীয়া কাব্য-প্ৰাণ কবি, লেখকৰ মানস পটত জলজল-পটপটকৈ জিলিকি আছে আৰু থাকিব। এই গৰাকী অসম কবি সমাজৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ বৰাই ১৯৮৮ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল। আৰু ২০১২ চনত তেখেতে অসম সাহিত্য সভাৰ ” ছগনলাল জৈন বঁটা লাভ কৰিছিল।

এগৰাকী শ্ৰেষ্ঠ সমালোচক হিচাপেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ৰবীন্দ্ৰ বৰাই নতুন প্ৰজন্মক মাৰ্গ দৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠাৰ বাট দেখুৱাই দিয়াত অহোপুৰুষাৰ্থ কৰিছিল। তেখেতৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অসমৰ সাহিত্য সংস্কৃতিৰ জগতত এক শোকৰ ছাঁ পৰিছে ; অসমীয়া সমাজৰ চাৰিওফালে দুখৰ বিননি উঠিছে ; তেখেতৰ শূন্য স্থান পূৰ্ণ কৰিবলৈ অসমীয়া সাহিত্য জগতখনে বহুদিনলৈ অপেক্ষা কৰিব লাগিব। সেয়ে বিভিন্ন ৰাজনৈতিক, ৰাজনৈতিক দল-সংগঠন, সাহিত্য, কলা, কৃষ্টি আৰু সংস্কৃতিৰ ধাৰক বাহক সকলোৱে সাহিত্য মঞ্চ,অসম চমুকৈ ” বহুবাক” ৰ প্ৰধান সম্পাদক দ্বীপক শৰ্মাই কোৱাৰ দৰে একবাক্যে দোহাৰিছে , ” আমি হেৰুৱালো এজন নিভাঁজ কবিক । যিজনাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত হৈছে কবিতা আৰু অসমপ্ৰীতি।”

সকলো অসমবাসীয়ে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শোক-সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।