নিৰ্বাচন ব্যৱস্থা  আৰু ভোটাঅধিকাৰ – অনামিকা (সংগীতা)কলিতা

Pc OneUnited Bank

নিৰ্বাচন ব্যৱস্থা  আৰু ভোটাঅধিকাৰ

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

সাম্প্ৰতিক সময়ত গুৰুত্বপূৰ্ণ বিষয়। সংবিধানৰ ৩৯৫ নং অনুচ্ছেদত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত আমাৰ ভোটাধিকাৰ। জ্ঞানী গুণী  ব্যক্তিয়ে কোৱা  কথাবোৰ  অকণমান প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিলোঁ।

এগৰাকী বিখ্যাত ব্যক্তিৰ উক্তিত পাইছিলো-গণতন্ত্ৰ হ’ল জনাসাধাৰণক লৈ ,জনসাধাৰণৰ কাৰণে আৰু জনসাধাৰণৰ দ্বাৰা পৰিচালিত চৰকাৰ ।গতিকে বৰ্তমান যেন কথাখিনি অকণমান অমিল দেখিবলৈ পাওঁ সেয়া সময়ে কৰিব । বৰ্তমান নিৰ্বাচন ব্যৱস্থা বহুত পৰিৱৰ্তন হৈছে। এয়া সময়ৰ আহ্বান তথাপিও আমি গণতন্ত্ৰক বিশ্বাস কৰো মনে প্ৰাণে মানি লৈছোঁ কিন্তু কিছুমান বিসংগতি দেখিলে মন কোঁচ খাই আহে । এতিয়া প্ৰলোভনৰ ৰাজনীতি,উপযুক্ত প্ৰাৰ্থী দেখা নাপাওঁ কিন্তু  দল (প্ৰাৰ্টি)ঠিকে থাকে । এখন দেশ বা ৰাজ্যৰ দায়িত্ব লোৱা নেতা গৰাকী শিক্ষা-দীক্ষাঃ,বিচক্ষণ ৰাজনৈতিক গুণ থাকিলেহে দেশখনৰ উন্নতি আশা কৰিব পাৰি কিন্তু বাস্তৱত এপাচি শাকত এটা জালুকৰ দৰে। গতিকে সময়ৰ লগে লগে  সংবিধানত ইয়াৰ পৰিসৰ উন্নতি সংশোধনীৰ প্ৰয়োজন আছে বা সময়ে সময়ে কিছু সংশোধন কৰাও দেখা পাইছোঁ।

বৰ্তমানৰ গণতন্ত্ৰৰ নিৰ্বাচন ব্যৱস্থা আসোঁৱাহ  আছে বুলি কোৱা শুনিছোঁ । ভোট দান প্ৰক্ৰিয়া নিকা কৰি তুলিবলৈ হ’লে প্ৰলোভনৰ ৰাজনীতি বন্ধ কৰিব লাগিব আৰু জনসাধাৰণক মুক্ত মনে নিজৰ প্ৰাৰ্থী নিৰ্বাচন কৰাৰ সুবিধা দিয়া ।নিৰ্বাচন আয়োগৰ গণতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। নিৰ্বাচন আয়োগে কিছুমান নিয়ম লিপিবদ্ধ কৰি সেইবোৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা পাৰ্থীৰ লোক সকলক অৱগত কৰিব লাগে বা কৰা দেখা পাইছোঁ    ।  সেয়া শুদ্ধকৈ  হ’লেহে  গণতন্ত্ৰ প্ৰকৃত ব্যৱস্থা প্ৰয়োগ হ’ব আৰু এখন সুস্থ সবল চৰকাৰ  তথা দেশ আশা কৰিব পাৰি।