নিৰ্বাচন
বাহাৰুল ইছলাম, শিক্ষক
আকাশ-বতাহ মুখৰিত আজি
চোতালবোৰত মানুহৰ লানি
কৰ্ণগোচৰ হৈছে মাথোঁ বাণী
বলীয়া ডাৱৰৰ পৰশত
চৌপাশৰ কোলাহলে বৰকৈ আমনি কৰিছে
এসাগৰ অপযশৰ ভাণ্ডাৰ
বেৰাইছে সৱতে
সজীৱ হৈ জিলিকিছে
ঈৰ্ষা আৰু ঘৃণাৰ পথাৰখনি।
এই যে বসন্তকাল
সেয়া এক ব্যতিক্রমী ক্ষণ
পাঁচ বছৰ প্ৰদক্ষিণ কালৰ অন্তত
উপনীত হয় পুনৰ প্ৰাৰম্ভিক স্থান
অপূর্ব তাৰ ঘূৰ্ণন গতি
চমৎকাৰ তাৰ যতি
জনগণেই উৎসৰ খনি
সিহঁতেই শিৰৰ মণি।
হুলস্থুলীয়া বাতাৱৰণত
উৎফুল্লিত হৈ উৰি ফুৰে অনেকেই
অংশ লয় বহুত
হোজাক বুৰ্বক বনোৱা খেলত
কিৰিলি পাৰি পৰিৱৰ্তন কৰে
শীতল পথাৰক উষ্ণ মৰুলৈ
কি যে তয়াময়া খেল!
যাৰ ইন্ধন মাথোঁ হোজা সকল।
ক্ষোভ আৰু অপযশৰ
তুমুল প্ৰতিযোগিতাত কত আঘাত প্ৰাপ্ত হয়
আলফুলীয়া সাংবিধানিক অধিকাৰ
ঘুণীয়া হয় কত সংবিধানৰ পৃষ্ঠা
গৰ্বিত হৈ ভ্ৰমি ফুৰে
মানৱতাৰ অপগুণবোৰ।
হে জীৱশ্রেষ্ঠ- স্তব্ধ হৈ ক্ষন্তেক জিৰোৱা
চকুমুদি অকণমান ৰোৱা
দায়িত্বৰ বোজা শিৰত লৈ যোৱা আগুৱাই
সংবিধানৰ স’তে কৰা বন্ধুত্ব
জনগণক কৰি লঘুত্ব
পাবা জানো গুৰুত্ব?
শান্তিৰ বতাহজাক বৈ আহক
জয় হওক গণতন্ত্রৰ
ৰজা হওক জনগণ
পূৰ্ণ হওক প্ৰজাৰ মন
মুষলধাৰে নামি আহক
ভ্ৰাতৃত্ববোধৰ বৰষুণ জাক।