নিৰ্বাচন আৰু ভোটাৰ হিচাপে আমাৰ দায়িত্ব – দেবর্ষি গৌতম

Pc The Economic Times

নিৰ্বাচন আৰু ভোটাৰ হিচাপে আমাৰ দায়িত্ব

দেবর্ষি গৌতম
বনগাঁও

নিৰ্বাচন আৰু ভোটাৰ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভোটাৰ অবিহনে নিৰ্বাচন কেতিয়াও সম্পন্ন হব নোৱাৰে। গতিকে এগৰাকী দায়বদ্ধ নাগৰিক আৰু বিবেকবান ভোটাৰ হিচাপে আমি এই কথাটো মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। ভাৰতত নিৰ্বাচনক গণতন্ত্ৰৰ এক সৰ্ববৃহৎ উৎসৱ হিচাপে গণ্য কৰা হয়। ভোটাৰ সকলে প্ৰদান কৰা ভোটৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হলেহে যিকোনো এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত বিজয়ী হবলৈ সক্ষম হয়। দেশৰ প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী নাগৰিকৰে যিহেতু ভোটদান কৰাৰ অধিকাৰ থাকে গতিকে ৰাজনৈতিক দলসমূহৰ ভোটাৰ সকলৰ ভোটৰ ওপৰতে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ হয়। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ভোটাৰ সকলক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ পিছত নেতা সকলে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পাহৰি যায়। এনেধৰণৰ অভিযোগ সমূহ যেন এতিয়া আমি সততে শুনিবলৈ আৰু দেখিবলৈ পাওঁ। দৰাচলতে যদি এনেধৰণৰ অভিযোগ সমূহৰ পৰা আমি পৰিত্ৰাণ পাব লগীয়া হয় তেনেহলে এগৰাকী দায়বদ্ধ ভোটাৰ হিচাপে আমাৰো কিছুমান দায়িত্ব থাকে। আমি যেতিয়া আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁ তেতিয়া আমাৰ এটা স্পষ্ট মতামত থাকিব লাগে যে কোন গৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিম আৰু সেই প্ৰাৰ্থী গৰাকীৰ যোগ্যতা কিমান ? যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ আমি পাঁচবছৰৰ মূৰত কেৱল মাথোঁ এবাৰহে লাভ কৰো গতিকে আমি এটা কথা মনত ৰখা উচিত যে আমি প্ৰদান কৰা ভোটটো মাত্ৰ এটা ভোট নহয়, সেয়া সম্পূৰ্ণ পাঁচ বছৰৰ বাবে এগৰাকী প্ৰাৰ্থীৰ প্ৰতি থকা আমাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক। যদি আমি কোনো বিচাৰ-বিবেচনা নকৰাকৈ এগৰাকী প্ৰাৰ্থীক নিজৰ ভোট প্ৰদান কৰোঁ তেনেহলে নির্বাচৰ পিছত সেই প্ৰাৰ্থীগৰাকীৰ যোগ্যতা আৰু গ্রহণযোগ্যতাৰ বিষয়ে সমালোচনা কৰাটো আমাৰ বাবে কোনো কাৰণতে যুক্তিসংগত হব নোৱাৰে। যিহেতু আমি আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আগমুহূৰ্তলৈকে কোন গৰাকী প্ৰাৰ্থীক ভোট প্ৰদান কৰিম সেই সিদ্ধান্ত সম্পূৰ্ণ আমাৰ হাতত থাকে গতিকে আমি প্ৰতিগৰাকী প্ৰাৰ্থীৰ দক্ষতা, যোগ্যতা আদি দিশৰ ওপৰত সম্পূৰ্ণ পৰ্য্যালোচনা কৰি লৈ আমাৰ বিবেকে শ্ৰেষ্ঠ বুলি কোৱা প্ৰাৰ্থী গৰাকীক ভোট প্ৰদান কৰিব লাগে। আচলতে আমি ভোটদান কৰাৰ সময়ত নিৰ্দিষ্ট কোনো এটা দলৰ কথা আগত ৰাখি অথবা আবেগক সন্মুখত ৰাখি ভোট প্ৰদান কৰোঁ তেনেহলে সেয়া কেতিয়াও বিবেক ভোট হিচাপে বিবেচিত নহয়।  যিদৰে মানুহে আবেগৰ বশৱৰ্তী হৈ কৰা কামবোৰ সময়ে সময়ে ভুল বুলি প্ৰমাণিত হয় কিন্তু বিবেকেৰে কৰা কাম এটা ভুল হোৱাৰ সম্ভাৱনা যথেষ্ট কম থাকে। ঠিক একেদৰে নিৰ্বাচনৰ সময়ত এগৰাকী দায়বদ্ধ ভোটাৰ হিচাপে আমি কিদৰে ভোটদান কৰোঁ সেয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আবেগৰ পৰিবৰ্তে যদি আমি বিবেক ভোট প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰোঁ তেনেহলে প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সময়ত অধিক সংযত হবলৈ বাধ্য হব। যিহেতু ৰাজনৈতিক দল তথা নেতা সকলৰ বিৰুদ্ধে আমাৰ মনত জাগ্ৰত হোৱা ক্ষোভ, অভিযোগ আদি মুকলিকৈ বহিপ্ৰকাশ কৰাৰ একমাত্ৰ আহিলা হল আমাৰ ভোটাধিকাৰ। দেশ আৰু ৰাজ্যৰ উন্নতি আৰু প্ৰগতিত এগৰাকী বিধায়ক অথবা সাংসদৰ ভূমিকা যিমান গুৰুত্বপূৰ্ণ ঠিক একেদৰে এগৰাকী ভোটাৰ হিচাপে আমাৰ দায়িত্বও কিন্তু কোনোগুণে কম নহয়। এগৰাকী দায়বদ্ধ ভোটাৰ হিচাপে আমাৰ যি দায়বদ্ধতা সেয়া হৃদয়ঙ্গম কৰি যদি আমি প্ৰতিটো নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰোঁ তেনেহলে কোনো ৰাজনৈতিক দল অথবা ৰাজনৈতিক নেতাই আমাৰ কোনো দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰিব। নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ দৰে সাধাৰণ ভোটাৰ সকলে। গতিকে আমি প্ৰদান কৰা এটা এটা ভোট এগৰাকী প্ৰাৰ্থীৰ বাবে অতিকৈ মূল্যবান হৈ পৰে। আমি প্ৰদান কৰা সেই ভোট এটাৰ মূল্য কিমান সেই কথা ভালদৰে আমি যিদিনা উপলব্ধি কৰিব পাৰিম সেইদিনাই হয়তো প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত থকা আমাৰ দায়িত্বৰ কথাও আমি উপলব্ধি কৰিবলৈ সক্ষম হম।