নিৰ্বাচনৰ প্ৰাক্ষণত ইউপিপিএলৰ পৰা পদত্যাগ কাম্পা বৰগয়াৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইউ পি পি এলত মোক্ষম আঘাত ৷ দলটোৰ পৰা পদত্যাগ কৰিছে ইউ পি পি এলৰ উপ সভাপতি তথা জ্যেষ্ঠ নেতা খাম্পা বৰগয়াৰীয়ে৷ দলটোৰ সভাপতি প্রমোদ বড়োলৈ এক পত্ৰ প্ৰেৰণ কৰি এই কথা সদৰী কৰিছে বৰগয়াৰীয়ে। দলটোৰ উপ-সভাপতি পদৰ লগতে প্রাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে কাম্পা বৰগয়াৰীয়ে। উল্লেখ্য যে পূর্বে বিপিএফত থকা বৰগয়াৰী পূৰ্বতে হাগ্রামা মহিলাৰী চৰকাৰৰ উপ-মুখ্য কার্যবাহী পদত অধিষ্ঠিত আছিল। বিগত বছৰত তেওঁ ইউপিপিএলত যোগদান কৰিছিল। উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থকাৰ পাছতে হঠাতে বৰগয়াৰীয়ে কৰা পদত্যাগে ইউপিপিএলৰ অভ্যন্তৰত জোকাৰণি তুলিছে। হাগ্রামা মহিলাৰীৰ ঘনিষ্ঠৰূপে পৰিচিত কাম্পা বৰগয়াৰীৰ এই আকস্মিক পদত্যাগে নিৰ্বাচনৰ প্ৰাক্ষণত বহু প্রশ্ন উত্থাপন কৰিছে। বিপিএফত থকাৰ সময়ত হাগ্রামা মহিলাৰী নেতৃত্বাধীন চৰকাৰত গুৰুত্বপূৰ্ণ পদবী লাভ কৰা কাম্পাৰ এই অপ্রত্যাশিত পদত্যাগ বিটিচিৰ ৰাজনীতিত পুনৰ নতুন সমীকৰণৰ সূচনা কৰিছে।উল্লেখ্য় যে, দেওবাৰে নিশা ইউপিপিএল দলৰ উপ সভাপতি তথা বিৰোধী দলপতি খাম্পা বৰগয়াৰী আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদক আফজল খানে ইউপিপিএল দলৰ সাধাৰণ সদস্যৰ পৰা পদত্যাগ কৰি দলৰ সভাপতি প্ৰমোদ বড়োলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি খাম্পা বৰগয়াৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে পদত্যাগ কৰা কথা ৰাজহুৱা কৰে ৷
