নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি এৰি অগপলৈ আহিল প্ৰকাশ দাস
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ প্ৰাক্ষণত এটা দল এৰি আন এটা দলত যোগদান কৰা নেতাৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে।শেহতীয়াকৈ কেইবাজনো কংগ্রেছী নেতাই বিজেপিত যোগদানৰ পাছত এইবাৰ বিজেপি এৰি অগপত যোগ দিলে হাজোৰ নেতা প্রকাশ দাসে। আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত আজি এক যোগদান কার্যসূচীত প্রকাশ দাসৰ লগতে এআইইউডিএফৰ বহিষ্কৃত বিধায়ক জাকিৰ হুছেইন লস্কৰেও অগপত যোগদান কৰে।উল্লেখ্য যে হাজো-শুৱালকুছি সমষ্টিৰ সম্ভাব্য প্রার্থীৰূপে সদৌ অসম ছাত্র সন্থা এৰি বিজেপিত যোগ দিয়া প্রকাশ দাসে কাম কৰি আছিল যদিও নির্বাচনী বুজাবুজিত হাজো-শুৱালকুছি সমষ্টি এইবাৰ বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে। একেদৰে অগপই হাজো-শুৱালকুছি সমষ্টিত প্রকাশ দাসক আৰু হাইলাকান্দিত জাকিৰ হুছেইন লস্কৰক প্ৰাৰ্থিত্ব প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে। আমবাৰীত অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত আঞ্চলিক দলটোত যোগদান কৰিয়েই এ আই ইউ ডি এফৰ নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰে কয়, ‘মানুহ এতিয়া উন্নয়নৰ পক্ষত। সাম্প্রদায়িক ৰাজনীতিত মানুহ অতিষ্ঠ হৈছে। এ আই ইউ ডি এফত এতিয়া সংখ্যালঘু লোক সুৰক্ষিত নহয়।

বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয়, ‘নির্বাচনত টিকট পাম নে নাই সেয়া দলে সিদ্ধান্ত ল’ব। কিন্তু আমি আশাবাদী। আমি উন্নয়নৰ লগত আছোঁ।’ আনহাতে সোমবাৰে পুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰি দুপৰীয়া অসম গণ পৰিষদত যোগ দিয়ে একালৰ আছু নেতা প্রকাশ দাসে। আঞ্চলিক দলটোত যোগদান কৰিয়েই তেওঁ কয়, ‘অগপত যোগদান কৰিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ। অতুল বৰা, কেশৱ মহন্তৰ নেতৃত্বত অসম মাতৃৰ হকে অনাগত দিনত কাম কৰি যাম। সেয়েহে এন ডি এৰ মিত্ৰদল অগপত আজি মই যোগ দিলোঁ। এক অর্থত অসমৰ ভৱিষ্যৎ সুৰক্ষা কৰাৰ লক্ষ্যৰে মই অগপলৈ আহিছোঁ।’ ইফালে কোনো পূর্বচর্ত লৈ অগপলৈ অহা নাই বুলিও মত প্রকাশ কৰে দাসে। অৱশ্যে কোনো পূর্ব চর্ত লৈ অগপত যোগ দিয়া নাই বুলি দাবী কৰিলেও দাসৰ এই যোগদানৰ আঁৰত ২০২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ সমীকৰণেই যে আছে সেয়া সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ইফালে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সভাপত্বিত অনুষ্ঠিত হোৱা এখন বিশেষ সভাত অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা কংগ্রেছ নেতা দণ্ডী সোণোৱাল, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাণা সোণাৰ আৰু জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিৰণ্য ফুকনে গেৰুৱা দলটোত আনুষ্ঠানিকভাবে যোগদান কৰে। বিজেপিত নতুনকৈ যোগদান কৰা নেতাসকলক দললৈ উষ্ম আদৰণি জনায় দিলীপ শইকীয়াই।

আনহাতে বিজেপিত যোগদান কৰি ভূপেন ৰায়ে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে অসমৰ শান্তি আৰু উন্নয়নৰ বাবে যি কাম কৰিছে সেয়া অসমবাসীয়ে আঁকোৱালি লৈছে। অনাগত সময়তো আমি এই যাত্ৰাৰ অংশীদাৰ হৈ থাকিম। এই অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নির্বাচনী পৰিচালনা সমিতিৰ আহ্বায়ক তথা লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু ৰাজ্যিক সাধাৰণ সম্পাদক অনুপ বৰ্মনৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
