নিৰ্বাচনৰ দুই-তিনি মাহ পূৰ্বে অগপত যোগদান কৰিব  ছিদ্দিক আহমেদে 

নিৰ্বাচনৰ দুই-তিনি মাহ পূৰ্বে অগপত যোগদান কৰিব  ছিদ্দিক আহমেদে 

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিলম্বিত কংগ্রেছী বিধায়ক ছিদ্দিক আহমেদে আগন্তুক বিধানসভা নিৰ্বাচনৰ দুই-তিনি মাহ পূর্বে আঞ্চলিক দল অগপত যোগদান কৰিব। আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে বিধায়ক আহমেদে। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়- আগন্তুক নির্বাচন অগপৰ পৰা খেলিম। কংগ্ৰেছলৈ মই আৰু নাযাওঁ। ইতিমধ্যে অগপৰ লগত আলোচনা হৈছে। মই নিৰ্বাচনৰ দুই-তিনি মাহ পূর্বে দলটোত যোগদান কৰিম। কংগ্ৰেছৰ লোকসকলে ভাবি আছে যে গৌৰৱ গগৈ আহিছে। কিন্তু গৌৰৱ গগৈ আগতেই আহিছে। আজি পঞ্চায়তৰ ফলাফল কি হৈছে? একো হোৱা নাই। সমগ্ৰ অসমৰ ভিতৰত এটা পৰিষদ লাভ কৰিছে। সকলো পৰিষদ বিজেপিয়ে লৈ গ’ল। গৌৰৱ গগৈক লৈ এই যে মানুহৰ এটা ধাৰণা হৈছে, সেই ধাৰণা ভুল। এতিয়া গৌৰৱ গগৈ কৰি একো লাভ নাই। ৰাজনীতিৰ পৰিৱেশৰ লগত আমি মিলি থাকিব লাগিব। ইপিনে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত মুছলমান লোকসকলৰ উন্নয়নৰ কাম কৰা হোৱা নাই বুলি উত্থাপিত অভিযোগ তেওঁ নস্যাৎ কৰে। বিধায়ক আহমেদে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যে মুছলমানৰ কাম কৰা নাই, তেনেকুৱা নহয়। শিক্ষক, অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগত নিযুক্তি দিয়া হৈছে। ইয়াৰ আগতে কংগ্ৰেছৰ দিনতো মুছলমান লোকসকলে এনেদৰে নিযুক্তি লাভ কৰা নাছিল। কংগ্ৰেছৰ ভোটবেংক এই মুছলমান লোকসকল। কিন্তু মুছলমানসকলৰ ভোট দুই-তিনিটা দলে লৈ আছে। ৰাইজৰ দল, এআইইউডিএফেও ভোট লৈ আছে। সেয়েহে মুছলমান লোকসকলে কংগ্ৰেছ কংগ্ৰেছ কৰি লাভ নাই। বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব। আমি সকলোৱে পৰিৱেশ বিবেচনা কৰি ৰাজনীতি কৰাটো দৰকাৰ। আনহাতে ‘ডি’ ভোটাৰকে ধৰি একাধিক সমস্যা কংগ্ৰেছৰ দিনতেই সৃষ্টি কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। বিধায়কগৰাকীয়ে এই প্রসংগত কয়- ‘ডি’ ভোটাৰৰ পৰিস্থিতি কোনে সৃষ্টি কৰিছে? কংগ্ৰেছেই সৃষ্টি কৰিছে। এন আৰ চি কোনে আনিছে? কংগ্রেছে আনিছে। গোৱালপাৰাত ডিটেনচন কেম্প কাৰ দিনত হৈছে? কংগ্ৰেছৰ দিনত হৈছে। নেলীৰ ঘটনালৈ চাওক- নেলী, বিটিএডিত ইমান মুছলমান মানুহক হত্যা কৰা হ’ল। কিন্তু কোনো মানুহৰ বিচাৰ নহ’ল। যিসকলে মাৰিলে তেওঁলোকৰ জে’লো হোৱা নাই। সেই সময়ত কাৰ চৰকাৰ আছিল? কংগ্ৰেছৰ চৰকাৰ আছিল। চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা ল’ব লাগিছিল। যিসকলে মানুহ মাৰিছিল, তেওঁলোকৰ ওপৰত বিচাৰ হ’ব লাগিছিল, প্রতিবেদন দিব লাগিছিল। একো নহ’ল।