নিৰ্বাচনী আয়োগক ৰাজ্যিক বিজেপিৰ সজাতি দলৰ সাক্ষাৎ,প্ৰাৰম্ভিক খচৰাৰ বাবে আদৰণি,কেতবোৰ সংশোধনীৰ প্ৰস্তাৱ

নিৰ্বাচনী আয়োগক ৰাজ্যিক বিজেপিৰ সজাতি দলৰ সাক্ষাৎ,প্ৰাৰম্ভিক খচৰাৰ বাবে আদৰণি,কেতবোৰ সংশোধনীৰ প্ৰস্তাৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাটী,অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা,কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা,অশোক সিংঘাল,ৰাজ্যিক উপ-সভাপতি ৰেখাৰাণী দাস বড়ো,অজয় কোঁৱৰ,ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা,ৰাজ্যিক নিৰ্বাচনী বিভাগৰ আহ্বায়ক ধ্ৰুৱজ্যোতি দাওকা,অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰৰ নেতৃত্বত এক সজাতি দলে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰি সামগ্ৰিকভাৱে অসম বিধান সভাৰ সমষ্টি সমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনায় আৰু কিছু সংশোধনীৰ বাবেও প্ৰস্তাৱ মুখ্য নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিছে।মূলতঃ অসমবাসীৰ বাবে প্ৰস্তুত কৰি উলিওৱা সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাই অসমবাসীৰ আগন্তুক আশা আকাঙ্খ্যা পূৰণ কৰিব। অসমবাসী ৰাইজে এই খচৰাখন আদৰণি জনাইছে বুলি উল্লেখ কৰি সজাতি দলটোৱে এই খচৰাই অসমবাসীক ভৱিষ্যতৰ দিনত সাংবিধানিক তথা ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব বুলি উল্লেখ কৰি লগতে কেতবোৰ সংশোধনী প্ৰস্তাৱো দাঙি ধৰে।প্ৰস্তাৱ মতে:: নগাঁও বিধানসভা সমষ্টিৰ নাম নগাঁও-বটদ্ৰৱা সমষ্টিলৈ নামাকৰণ,বকো বিধানসভা সমষ্টিৰ নাম বকো-ছয়গাঁও হিচাপে নামাকৰণৰ প্ৰস্তাৱ আগবঢ়ায়৷আনহাতে,আমগুৰি,লাহোৱাল বিধানসভা সমষ্টিক যাতে খচৰাৰ পৰা কৰ্তন কৰা নহয়,তাৰ বাবেও অনুৰোধ জনায়।ইপিনে,মৰিগাঁও সমষ্টিটো অনুসুচিত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ বাবে অনুৰোধ জনায়।উক্ত সাক্ষাৎকাৰত ৰাজ্যিক সভাপতি ভৱেশ কলিতা স্বাক্ষৰিত এই পত্ৰ নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰে।